Sci & Tech
Metaverse ecosystems offer completely working virtual environments in which people may collaborate, play games, and...
গুৱাহাটীঃ ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে কাইলৈৰপৰা মেঘালয়ত বহিঃৰাজ্যৰ ব্যক্তি প্ৰৱেশৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে। ১৪ দিনৰ বাবে মেঘালয়ত প্ৰৱেশ কৰিব নোৱাৰিব কোনো বহিৰাগত লোকে। বন্ধ থাকিব মেঘালয়ৰ শিক্ষানুষ্ঠানসমূহো। ইয়াকে লৈ মেঘালয়ৰপৰা ইতিমধ্যে বহু লোক অসমলৈ উভতি আহিবলৈ আৰম্ভ কৰিছে।
আৰু পঢ়িব পাৰিব: চেন্নাই চুপাৰ কিংছৰ ৰোমাঞ্চকৰ জয়
মানকাচৰৰো বহু লোক মেঘালয়ত শ্ৰমিক হিচাপে নিয়োজিত হৈ আছিল। মেঘালয়ৰপৰা অহা লোকক অসমত প্ৰৱেশৰ ক্ষেত্ৰত নাই কোনো নীতি-নিৰ্দেশনা। মেঘালয়ৰপৰা মানকাচৰলৈ ধাৰাবাহিকভাৱে আহিছে শ্ৰমিকসকল। এনে লোকক মানকাচৰত প্ৰৱেশৰ ক্ষেত্ৰত নাই ক’ভিড পৰীক্ষাৰ ব্যৱস্থা। জিলা প্ৰশাসনেও লোৱা নাই কোনোধৰণৰ ব্যৱস্থা।
Leave A Comment