• বহিঃ ৰাজ্যত ভাৰাঘৰৰ ভিতৰতে নৃশংস হত্যাৰ বলি অসমৰ যুৱক

    আঞ্চলিক
    বহিঃ ৰাজ্যত ভাৰাঘৰৰ ভিতৰতে নৃশংস হত্যাৰ বলি অসমৰ যুৱক

    ডিজিটেল ডেস্ক : বহিঃ ৰাজ্যত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক? পুনৰ ৰাজ্যৰ এগৰাকী যুৱকে নৃশংসতাৰ বলি হৈ হেৰুৱাৰ লগা হ'ল প্ৰাণ৷ ভাৰাঘৰৰ ভিতৰতে আক্ৰমণৰ বলি হৈ মৃত্যু হোৱাৰ পাছতে সৃষ্টি হৈছে চাঞ্চল্যৰ৷ তামিলনাডুৰ শ্ৰীপেৰামবাদুত চাঞ্চল্যকৰ হত্যাকাণ্ডত নিহত হোৱা যুৱকজন কৰিমগঞ্জ জিলাৰ বদৰপুৰৰ আব্দুল হাছিম বুলি জানিব পৰা গৈছে।





    ইয়াৰোপৰি প্ৰকাশিত তথ্য অনুসৰি তামিলনাডুত কৰ্মৰত হৈ থকা অসম আৰু পশ্চিমবংগৰ কেইবাগৰাকীও যুৱকক মঙলবাৰে নিশা আক্ৰমণৰ লক্ষ্য কৰি লয় স্থানীয় একাংশ দুৰ্বৃত্তই৷ ঘৰৰ ভিতৰতে দুৰ্বৃত্তই কৰা আক্ৰমণত অসমৰ যুৱকজন নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আন ৪জন যুৱক আঘাতপ্ৰাপ্ত হোৱাৰ বাতৰি আহি পৰিছে। আহত যুৱক কেইজনক ৰাজীৱ গান্ধী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈ চিকিৎসালয়ত মৃত্যু হয় আব্দুল হাছিম৷





    উল্লেখ্য যে, ত্ৰিপুৰাৰ অবিনাশ মালাকাৰ নামৰ এজন যুৱকে কৰ্ম সংস্থাপন দিয়াৰ উদ্দেশ্যে যুৱকজনক তামিলনাডুলৈ লৈ গৈছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। স্মৰ্তব্য যে এই ঘটনা সংঘটিত হোৱা পাছতো হত্যাকাৰীৰ ভয়তে আহত যুৱককেইগৰাকীয়ে আৰক্ষীৰ কাষ চপা নাই বুলি তথ্য লাভ কৰিব পৰা গৈছে।





    ইফালে, দুৰ্বৃত্তৰ আক্ৰমণত মৃত্যু হোৱা হাছিমৰ পৰিয়ালে স্থানীয় বদৰপুৰ আৰক্ষীৰ কাষ চাপিছে যদিও আৰক্ষীৰ পৰা কোনোধৰণৰ সহযোগিতা লাভ নকৰাৰ অভিযোগ তুলিছে। দুৰ্ভগীয়া পৰিয়ালটোৱে পুত্ৰৰ ন্যায়ৰ দাবীৰে তথা মৃতদেহ অসমলৈ অনাত সহায়-সহযোগিতা কৰিবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে।