• বাঁহীৰ সুৰেৰে মোহাচ্ছন্ন কৰা যশস্বী শিল্পী প্ৰভাত শৰ্মাৰ বিয়োগ...

    আঞ্চলিক
    বাঁহীৰ সুৰেৰে মোহাচ্ছন্ন কৰা যশস্বী শিল্পী প্ৰভাত শৰ্মাৰ বিয়োগ...

    গুৱাহাটী : অসমত বাঁহীবাদনক অনন্য মাত্ৰা প্ৰদান কৰা বিশিষ্ট বাঁহীবাদক প্ৰভাত শৰ্মাৰ দেহাৱসান আজি পুৱা প্ৰায় ৬ বজাত৷ ৮৫ বছৰ বয়সত গুৱাহাটীৰ নিজ বাসভৱনতে মৃত্যু হয় যশস্বী শিল্পীগৰাকীৰ৷ মৃত্যুৰ সময়ত এৰি গৈছে শিল্পী তৰালী শৰ্মাসহ ৩ গৰাকী কন্যা৷





    আৰু পঢ়িব পাৰিব : দ্বিতীয়টো দিনত ক’ত ক’ত প্ৰচাৰ চলাব ছোনিয়াৰ তনয়াই ?





    লোকসংস্কৃতিৰ আজীৱন সাধক প্ৰভাত শৰ্মাই কেইবাখনো অসমীয়া ছবি তথা ভ্ৰাম্যমাণ থিয়েটাৰত সংগীত পৰিচালক হিচাপে সেৱা আগবঢ়াইছিল৷ ১৯৩৫ চনত বৰপেটাৰ সুন্দৰীদিয়াত জন্ম হোৱা শৰ্মাই সংগীত নাটক অকাডেমি বঁটা লাভ কৰিছিল৷ শিল্পী পেঞ্চন লাভ কৰা শৰ্মাই দীৰ্ঘদিন আকাশবাণীত কাৰ্যনিৰ্বাহ কৰিছিল৷





    আৰু পঢ়িব পাৰিব : শান্তিৰ দিশে এখোজ : ভাৰত-পাক সীমান্তত ফুটা নাই এটাও গুলী!





    বিশিষ্ট বাঁহীবাদক, লোক-সংস্কৃতিৰ আজীৱন সাধক, সংগীত নাটক অকাডেমী বঁটা প্ৰাপক প্ৰভাত শৰ্মাৰ পৰলোকপ্ৰাপ্তিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও গভীৰ শোক প্ৰকাশ কৰে৷ প্ৰভাত শৰ্মাৰ নশ্বৰ দেহ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে নিগাজি পামৰ সেউজ সংঘ, কলাক্ষেত্ৰ, আকাশবাণী গুৱাহাটী, ৰবীন্দ্ৰ ভৱন, সাহিত্য সভা, শ্বহীদ ন্যাসলৈ নিয়া হ'ব। ইয়াৰ পাছতে শেষকৃত্য সম্পন্ন কৰা হ'ব নৱগ্ৰহত শ্মশানত।


    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor