• বাংগালুৰুৰ কেন্দ্ৰীয় কাৰাগাৰত মৃত্যু অসমৰ যুৱকৰ, হত্যাৰ সন্দেহ

    আঞ্চলিক
    বাংগালুৰুৰ কেন্দ্ৰীয় কাৰাগাৰত মৃত্যু অসমৰ যুৱকৰ, হত্যাৰ সন্দেহ

    মৰিগাঁওঃ বলাৎকাৰৰ গোচৰত অভিযুক্ত হৈ ৬বছৰে বাংগালুৰুৰ পান্না কেন্দ্ৰীয় কাৰাগাৰত কাৰৰুদ্ধ হৈ আছিল মৰিগাঁৱৰ ৰাজু মেধি নামৰ এজন যুৱক।





    আমালৈ অহা খবৰ অনুসৰি কাৰাগাৰতে মৃত্যু ঘটিছে ৰাজু মেধিৰ। মৰিগাঁও জিলাৰ চৰাইবাহীৰ যুৱক ৰাজুৰ মৃত্যু হোৱা ঘটনাক সহজভাৱে ল’ব পৰা নাই পৰিয়ালৰ লগতে মৰিগাঁৱৰ একাংশ সচেতন নাগৰিকে! মৃত ৰাজু মেধিুৰ বুকুত থকা এটা ক’লা দাগৰ বাবে জে’লৰ ভিতৰত কোনো লোকে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালে। বিষয়টোৰ সন্দৰ্ভত ন্যায় বিচাৰিছে ভুক্তভোগী পৰিয়ালটোৱে।