কৰিমগঞ্জ :নিশাৰ আন্ধাৰতো চুৰি কৰিবলৈ কাইটিয়া হেঙাৰ আতঁৰাই ভাৰতৰ ভূমিত প্ৰবেশ কৰে বাংলাদেশী৷ এনেবোৰ বহু ঘটনা মিম যোগে ইতিমধ্যে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে বহুজনে বহুসময়ত৷ আনহাতে বাংলাদেশলৈ চোৰাং গৰু-মহ সৰবৰাহ কৰিও ৰঙা ঘৰৰ আলহী হৈছে বহুজন৷ চৰকাৰে ইয়াৰ ওপৰত সঘনাই সলনি কৰিছে নতুন নতুন নীতিৰ৷ পিছে এইবাৰ ভাৰতৰ পৰা মহ চুৰ কৰিবলৈ আহি ধৰা পৰিল বাংলাদেশী নাগৰিক।
কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি আৰক্ষী থানাৰ অন্তৰ্গত ফুলকান্দি বিয়পিৰ ভাৰত-বাংলাদেশ সীমান্তত সংঘটিত হয় এই ঘটনাটো৷ এজন বাংলাদেশী নাগৰিকে ভাৰতৰ পৰা মহ চোৰ কাৰাৰ সময়ত বিএছএফ জোৱান এজনে হাতে-লোটে ধৰা পেলায়। ধৃত লোকজনৰ নাম হৈছে আবুল হাছান। ঘৰ বাংলাদেশৰ মৌলভিবজাৰৰ বৰলেখা থানাৰ অন্তৰ্গত গান্ধাই গাঁৱত বুলি জানিবলৈ পোৱা গৈছে৷
উল্লেখ্য যে, এই বাংলাদেশীজনে কেমেৰাৰ আগত চুৰিৰ সমগ্ৰ ঘটনা স্বীকাৰ কৰে৷ তেওঁ কয়, 'ভাৰতত মহ, গৰু চুৰ কৰিবলৈ আহিছিলে। কিন্ত কৰ্তব্যত থকা ১৩৪ নং ব্যাটেলিয়ানৰ বিএছএফে মোক আটক কৰে।' পাছত মহ চুৰটোক পাথাৰকান্দি আৰক্ষীক সমজাই দিয়া হয় ৷ আনহাতে জানিব পৰা মতে, হাছানৰ লগত থকা আন দুই বাংলাদেশী আব্দুল হক আৰু ৰমজান আলি পলাই যাবলৈ সক্ষম হয়।
Leave A Comment