• বাইক ৰাইডাৰৰ বাবে সুখবৰ: উত্তৰ-পূৰ্বাঞ্চলতো হ’ব Motocross Track

    আঞ্চলিক
    বাইক ৰাইডাৰৰ বাবে সুখবৰ: উত্তৰ-পূৰ্বাঞ্চলতো হ’ব Motocross Track

    শিলচৰ : অসমৰ বাইক ৰাইডাৰসকলৰ বাবে সুখবৰ৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত পোন প্ৰথমবাৰৰ বাবে আৰম্ভ হ'ব ‘East Indian Motocross Track’ ৷ ২১ মাৰ্চত কাছাৰ জিলাৰ কাবুগঞ্জত ইয়াৰ শুভাৰম্ভণি কৰা হ’ব৷ ৰত্নদ্বীপ নাথ নামৰ শিলচৰৰ এজন বাইক ৰাইডাৰে এই ‘Motocross track’ আৰম্ভ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ‘Motocross track’ হ'ল বাইক ৰাইড কৰাৰ এক বিশেষ পথ৷ মাটিৰ ওপৰত থকা একাবেঁকা, ওখ-চাপৰ পথক কোৱা হয় ‘motocross track’ ৷





    আৰু পঢ়িব পাৰিব : তাজমহলত বোমা আক্ৰমণ! আৰক্ষীলৈ অহা ফোনকলৰ পাছত আতংক





    এই ‘motocross track’ ৰ জন্ম হৈছিল যুক্তৰাষ্ট্ৰত৷ আৰু এই ‘Motocross track’ অসমত পোন প্ৰথমবাৰৰ বাবে শিলচৰ কাবুগঞ্জত আৰম্ভ কৰিব শিলচৰৰ যুৱক ৰত্নদ্বীপ নাথে৷ এই ‘Motocross track’ ত বাইক ৰাইডাৰসকলে প্ৰশিক্ষণ ল'ব পাৰিব৷ লগতে বাইক ৰাইডাৰসকলে বিশেষ এই পথত বাইক চলাই বাইক ৰাইডিঙৰ অন্য অনুভূতি ল’ব পাৰিব৷





    আৰু পঢ়িব পাৰিব : দুৰ্বৃত্তই কামুৰি ছিঙিলে যুৱতীৰ কাণ! আৰক্ষীৰ নিৰ্লিপ্তিক লৈ ক্ষুব্ধ ৰাইজ





    উদ্যোগতা ৰত্নদ্বীপে কয় যে তেওঁ এজন বাইক ৰাইডাৰ৷ বাইক ৰাইডিং কৰা তেওঁৰ অতি আমোদজনক৷ এই ‘Motocross track’ ৰ প্ৰশিক্ষণ তেওঁ বেংগালুৰুৰ পৰা লৈ আহিছে৷ লগতে তেওঁ আৰু কয় যে বৰাক উপত্যকাসহ অসমৰ বহু বাইক ৰাইডাৰ আছে যিসকলে বাইক ৰাইডিঙক পেছা হিচাপে গঢ়ি তোলাৰ ভাল প্লেটফর্ম পোৱা নাই৷ তেওঁলোকে এই ‘East Indian Motocross Track’ ৰ জৰিয়তে বাইক ৰাইডিঙক পেছা হিচাপে গঢ়ি তুলিব পাৰিব৷ অসমৰ বিভিন্ন ঠাইৰ বাইক ৰাইডাৰসকলৰ কেন্দ্ৰবিন্দু হ'ব এই ‘East Indian Motocross track’। এই ব্যৱস্থাক লৈ আশাবাদী ৰত্নদ্বীপ নাথ৷