Automobiles
The Jimny has a 1.5-litre petrol engine and may be purchased through a subscription plan for an all-inclusive monthly charge starting at 33,550.
মুছলপুৰ : এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গৈছে বাকসা জিলাৰ লেব্ৰা শান্তিপুৰ অঞ্চল। হাতুৰিৰে কোৱাই কোৱাই নৃশংসভাৱে বৃদ্ধ ব্যক্তি এজনক হত্যা কৰে দুৰ্বৃত্তই। দিন-দুপৰতে সংঘটিত হত্যাকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে বাকসা জিলাত৷ জিলাখনৰ বাগানপাৰা আৰক্লেষী চকীৰ লেব্ৰা-শান্তিপুৰত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ডটো৷
আৰু পঢ়িব পাৰিব : ৪ বছৰৰ কাৰাদণ্ডৰ শাস্তি নন্দিতা কোঁৱৰক !
বাকসাৰ ভাৰত-ভূটান সীমান্তৰ লেব্ৰা শান্তিপুৰৰ বৃদ্ধ জুমিন মুৰ্মু নামৰ অকলশৰীয়া বৃদ্ধগৰাকীক হাতুৰীৰে কোবাই কোবাই হত্যা কৰি উধাও হয় দুৰ্বৃত্ত। আজি কিছুসময় পূৰ্বে মৃত বৃদ্ধগৰাকীৰ ঘৰৰ সমীপৱৰ্তী ভায়েক এজনে বিচনাত বৃদ্ধ জুমিন মুৰ্মু ( ৬০)ৰ মৃতদেহ উদ্ধাৰ কৰে৷ দুৰ্বৃত্তই বৃদ্ধগৰাকীৰ মূৰ আৰু মুখমণ্ডলত হাতুৰীৰ আঘাতৰ চিন প্ৰত্যক্ষ কৰে প্ৰত্যক্ষদৰ্শীয়ে৷ পাছত বাগানপাৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷
আৰু পঢ়িব পাৰিব : পৰকীয়া প্ৰেমৰ পৰিণতি, নৃশংস হত্যাৰ সাক্ষী হ’ল গুৱাহাটী মহানগৰ
উল্লেখ্য যে, মৃত বৃদ্ধগৰাকীৰ লেব্ৰা শান্তিপুৰত ঘৰ যদিও বিগত ছয়বছৰ ধৰি বৃদ্ধজনে সমীপৱৰ্তী খাৰমাটিত অকলশৰীয়াকৈ আশ্ৰয় লৈ আছিল৷ হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা নাই যদিও আৰক্ষীৰ অনুসন্ধানতহে পোহৰলৈ আহিব হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্য!
Leave A Comment