Automobiles
The Jimny has a 1.5-litre petrol engine and may be purchased through a subscription plan for an all-inclusive monthly charge starting at 33,550.
বাকসাঃ বিটিআৰত পুনৰ অবৈধ অস্ত্ৰৰ ঝনঝননি। বাকসাৰ বৰিমাখাত নিশা বৃহৎ পৰিমাণৰ অস্ত্ৰভাণ্ডাৰ উদ্ধাৰ কৰিছে আৰক্ষীয়ে। বাকসাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোঁহাই আৰু বৰবৰী আৰক্ষী থানাৰ অ’চি নৱজিৎ তালুকদাৰৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দলৰ অভিযানত উদ্ধাৰ এটা AK47 ৰাইফল, এটা মেগজিন, 107 ৰাউণ্ড ৰাইফলৰ গুলী, এটা পিষ্টল আৰু পিষ্টলৰ 8 ৰাউণ্ড সজীৱ গুলী।
আৰু পঢ়িব পাৰিব :
মৰাপাগলদিয়া নৈৰ দাঁতিৰ ঘন জংঘলত মাটিত পুতিথোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে অস্ত্ৰ-শস্ত্ৰখিনি। এই পৰ্যন্ত ঘটনাৰ লগত জড়িত কোনো লোকক আটক কৰিব পৰা নাই প্ৰশাসনে।
আৰু পঢ়িব পাৰিব : মহানগৰীত মুকলি অত্যাধুনিক দুখনকৈ ফুট ব্ৰীজ…
আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব অস্ত্ৰ-শস্ত্ৰখিনি প্ৰকৃততে কোন উগ্ৰপন্থী দলৰ। দুমাহ পূৰ্বেও বৰবৰী আৰক্ষীয়ে অভিযান চলায় বৃহৎ পৰিমাণৰ অস্ত্ৰভাণ্ডাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।
Leave A Comment