National
ডিব্ৰুগড়ঃ চাহ বাগিচাৰ কলঘৰত সুৰক্ষিত নহয় শ্ৰমিক। বহু শ্ৰমিকক বাগিচা কৰ্তৃপক্ষই দিয়া নাই ৰক্ষাকৱচ। যাৰ ফলত মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল এজন শ্ৰমিক। ডিব্ৰুগড় চহৰৰ উপকণ্ঠ চেঁচা চাহ বাগিচাত শনিবাৰে আকস্মিক দুৰ্ঘটনাত মৃত্যুক সাৱটি ল'বলগীয়া হ’ল অজিত মূড়া নামৰ শ্ৰমিক এজনে। কলঘৰত ঝাড়ু দি থকাৰ অৱস্থাত মূৰ ঘূৰাই মেচিনত খুণ্ডা খাই ঢলি পৰাত থিতাতে নিহত হয় ৪১বছৰীয়া শ্ৰমিকজন।
চেঁচা চাহ বাগিচাৰ মহমাৰী লাইনৰ দুই সন্তানৰ পিতৃ অজিত মূড়াৰ পৰিয়ালক ক্ষতিপূৰণৰ দাবীত পুৱাই ঘেৰাও কৰিলে চেঁচা চাহ বাগিচাৰ পৰিচালকৰ কাৰ্যালয়। অজিত মূড়া নামৰ শ্ৰমিকজনৰ পৰিয়ালক ভৰণ-পোষণৰ দায়িত্ব লোৱা, ৩০ লাখ টকা ক্ষতিপূৰণ, পত্নীক বাগিচাৰ স্থায়ী পদত নিযুক্তি দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম আদিবাসী ছাত্র সন্থাই।
আছাৰ জকাই আঞ্চলিক সমিতিৰ উদ্যোগত বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। আনহাতে প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে এখন চাৰিদফীয়া দাবীসম্বলিত স্মাৰক-পত্ৰ প্ৰদান কৰে বাগিচাৰ পৰিচালকক। ইফালে, প্ৰতিবাদী কাৰ্যসূচীত বাগিচাৰ কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে অজিত মূড়াই মৃত্যুক আঁকোৱালি লোৱা বুলি অভিযোগ উত্থাপন কৰিছে। এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে জিলা প্ৰশাসনক।
Leave A Comment