Lifestyle
Discover the astrological predictions for Aries, Leo, Virgo, and other zodiac signs on December 7, 2023...
গুৱাহাটী : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে মাটিৰ দালালৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে অসম আৰক্ষী৷ কামৰূপ মহানগৰতো আৰক্ষীৰ জালত পৰিল বহু মাটিৰ দালাল৷ নিশাই গ্ৰেপ্তাৰ হোৱা মাটিৰ দালালক বাছেৰে আনি হাজিৰ কৰালে আদালতত৷
একেনিশাই বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ হ’ল পাঁচ শতাধিক দালাল। কালিৰ দিনটোলৈকে নলবাৰীত ২১ৰো অধিক মাটিৰ দালালক গ্ৰেপ্তাৰ আৰক্ষীৰ। বজালীতো গ্ৰেপ্তাৰ হ’ল ২৫ জন মাটিৰ দালাল। ধুবুৰী জিলাৰ বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ হ’ল অৰ্ধশতাধিক দালাল। গুৱাহাটীতো গ্ৰেপ্তাৰ কৰা হৈছে কেইবাজনো দালালক। মহানগৰীৰ বশিষ্ঠ আৰক্ষীৰ দ্বাৰা ৫ জনক গ্ৰেপ্তাৰ। নগাঁৱত ২২ জন, হাইলাকান্দিত ১৪ জনক গ্ৰেপ্তাৰ। শিৱসাগৰত গ্ৰেপ্তাৰ হ’ল ১১ জন মাটিৰ দালাল। বিশ্বনাথতো ১৪ জন মাটিৰ দালালক গ্ৰেপ্তাৰ। সৰ্থেবাৰী, দৰং, বহৰি, ওদালগুৰি, কোকৰাঝাৰ, বঙাইগাঁও, বিলাসীপাৰা, লংকা, ডিব্ৰুগড় আদিতো গ্ৰেপ্তাৰ হ’ল বহু দালাল।
এনেদৰেই মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই তৎপৰ হ’ল দালাল হাটাও অভিযান।
Leave A Comment