Sports
মৰিগাঁও : মৰিগাঁও আৰক্ষীৰ এক বৃহৎ সাফল্য ৷ নাগালেণ্ডৰ পৰা মৈৰাবাৰীলৈ অহা বাছত উদ্ধাৰ দুটা পিষ্টলসহ ১৩ জাই সজীৱ গুলী ৷ দীৰ্ঘদিনৰ পৰা ডিমাপুৰ , নাগালেণ্ডৰ পৰা মৈৰাবাৰী আৰু লাহৰীঘাট অঞ্চললৈ সৰবৰাহ হৈ আহিছিল নিষিদ্ধ মাৰনাস্ত্ৰ ৷
আৰু পঢ়িব পাৰিব : বিধায়ক হোৱাৰ আশাত শিক্ষকে ল’লে স্বেচ্ছাসেৱী অৱসৰ !
বুধবাৰে মৰিগাঁও আৰক্ষীয়ে এক গোপন সুত্ৰৰ পম খেদি নাগালেণ্ডৰ পৰা মৈৰাবাৰীলৈ অহা AS - 02 - AC 8750 নম্বৰৰ 'নমন' নামৰ বাছখনৰ ১৩ আৰু ১৪ নম্বৰৰ চিটৰ এটা বেগত উদ্ধাৰ কৰে দুটা পিষ্টল , দুটা মেগজিন ,চাৰিটা মোবাইল ফোন আৰু ১৩ জাই সজীৱ গুলী ৷ এই মাৰনাস্ত্ৰ সৰবৰাহৰ লগত জড়িত আচাদুল ইছলাম , চাইদুল ইছলাম আৰু নমন নামৰ গাড়ীখনৰ ড্ৰাইভাৰ আৰু হেণ্ডিমেনসহ চাৰিজনক আটক কৰিবলৈ সক্ষম হয় ৷
আৰু পঢ়িব পাৰিব : কংগ্ৰেছৰ ২২ সমষ্টিৰ প্ৰাৰ্থী চূড়ান্ত, কোনে পালে প্ৰাৰ্থীত্ব?
উল্লেখ্য যে আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনত যাতে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ বাবে মৰিগাঁও আৰক্ষী সজাগ হৈ আছে বুলি উল্লেখ কৰে জিলা আৰক্ষী অধীক্ষক ড° নন্দসিং বৰকলাই ৷
Leave A Comment