• বানৰ কৱলত কাজিৰঙা! খাদ্যৰ সন্ধানত জনাঞ্চললৈ বন্যপ্ৰাণী

    আঞ্চলিক
    বানৰ কৱলত কাজিৰঙা! খাদ্যৰ সন্ধানত জনাঞ্চললৈ বন্যপ্ৰাণী

    কাজিৰঙাঃ সোমবাৰে পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা প্ৰকাণ্ড গঁড়ে আতংকৰ সৃষ্টি কৰে ‘হাতীখুলি চাহ বাগিচা’ৰ লগতে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত। বৰ্তমানেও ৩০% অঞ্চল বানৰ কৱলত থকা ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণীসকলে তীব্ৰ খাদ্যৰ সংকটত ভুগিছে।





    পুৱা খাদ্যৰ সন্ধানত ওলাই অহা গঁড়টোৱে ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি দক্ষিণৰ কাৰ্বি পাহাৰলৈ গতি কৰোঁতেই এখন চাৰিচকীয়া বাহনক খুন্দা মাৰে যদিও কোনোমতে প্ৰাণৰক্ষা কৰি আঁতৰি যায় বাহনখনৰ আৰোহীকেইজন। ইয়াৰ পাছতে ‘হাতীখুলি চাহ বাগিচা’ৰ আৱাসগৃহৰ চৌহদত প্ৰৱেশ কৰে গঁড়টোৱে। শূন্যলৈ কেইবাজাই গুলী ফুটাই গঁড়টোক খেদিবলৈ চেষ্টা কৰে যদিও বিফল হোৱাত বন বিভাগৰ ২টা হাতীৰ সহায়ত বহু সময় চেষ্টা কৰি পুনৰ উদ্যানখনৰ ভিতৰলৈ গঁড়টো খেদি পঠাবলৈ সক্ষম হয় বন বিভাগ।





    উল্লেখযোগ্য যে, খাদ্যৰ সন্ধানত ওলাই অহা গঁড়টোৱে ৰুদ্ৰমূৰ্তি ধাৰণ কৰি দাঁতিকাষৰীয়া অঞ্চলৰ বৰবিল, মিচিং গাঁও, ২নং শিলডুবিৰ জনবসতিপূৰ্ণ অঞ্চলত প্ৰৱেশ কৰে। বাগিচা অঞ্চলত গঁড়টো প্ৰৱেশ কৰাত বাগিচাখনত দীৰ্ঘসময় সময় ধৰি আতংকময় পৰিৱেশে বিৰাজ কৰে।