• বামুনজুলি চাহ বাগিচাত কৰ’নাৰ সজাগতা কাৰ্যসূচী

    আঞ্চলিক
    বামুনজুলি চাহ বাগিচাত কৰ’নাৰ সজাগতা কাৰ্যসূচী

    ভেৰগাঁওঃ অতিমাৰী কৰ’নাই বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰিছে। ইতিমধ্যে কৰ’নাৰ তৃতীয় ঢৌত শিশু আৰু কিশোৰসকল ভয়াৱহ হাৰত আক্ৰান্ত হোৱাৰ খবৰে আতংকিত কৰি তুলিছে সৰ্বসাধাৰণক৷ বিশেষকৈ অতিমাৰীত ৰাজ্যৰ চাহ বাগিচা অঞ্চললৈ সম্প্ৰসাৰিত হোৱাত ৰাজ্যৰ পৰিস্থিতি অধিক শোচনীয় হোৱাৰ শংকা ব্যক্ত কৰিছে বিশেষজ্ঞই৷





    বিটিচিৰ ওদালগুৰি জিলাৰ চাহ বাগিচাসমূহতো যাতে কৰ’না মহামাৰীৰ সংক্ৰমণ অধিক নহ’য় তাৰ বাবে চাহ শ্ৰমিকসকলৰ মাজত দিনে-নিশাই সজাগতা সৃষ্টিৰ প্ৰয়াস চলাই আহিছে বিটিচিৰ শাসকীয় ইউপিপিএল দলে৷





    ৰাজনৈতিক দলটোৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ৰুদ্ৰ বাহাদুৰ ছেত্ৰী আৰু চাহ কোষৰ সভাপতি লালা স্মিথ কৰ্মকাৰৰ নেতৃত্বত ইউপিপিএলৰ এটা দলে বৃহস্পতিবাৰে পুৱাই বামুনজুলি চাহ বাগিচাত শ্ৰমিকসকলৰ মাজত এক সজাগতা অভিযান চলোৱাৰ লগতে মাক্স আৰু ছেনিটাইজাৰ বিতৰণ কৰে৷