International
ডিজিটেল ডেস্ক : ইতিহাসৰ পাত লুটিয়াই চালে তেতিয়াৰ সমাজে প্ৰাধান্য দিছিল বাল্য বিবাহক৷ বাল্য বিবাহ হৈছে এগৰাকী নাবালকৰ আনুষ্ঠানিক বা অনানুষ্ঠানিক বিবাহ। আইনগতভাৱে, বিবাহৰ বয়স ১৮ বছৰ হ'ব লাগে৷ বিশেষকৈ ছোৱালীৰ বাবে। কিন্তু বিশেষ ক্ষেত্ৰত, পিতৃ-মাতৃৰ অনুমতিত এই বয়সৰ আগতেই বিবাহৰ অনুমতি দিয়া হয়। যদিও আইনঅনুসৰি বিবাহৰ বয়স ১৮ বছৰ, কিছুমান দেশৰ আইনতকৈ নিজা ৰীতি-নীতি অধিক প্ৰাধান্য দিয়ে সমাজে৷ আৰু তেনে স্থলতেই বাল্য় বিবাহ পাতিবলৈ গৈ বিপদত পৰিল এগৰাকী মহিলা৷ মুকালমুৱাৰ বৰক্ষেত্ৰীত বিবাহ স্থলীৰ পৰাই আৰক্ষীয়ে উদ্ধাৰ কৰিলে দৰা কইনাক।
আমছুৰ তৎপৰতাত মুকালমুৱা আৰক্ষীয়ে বাল্যবিবাহত বহা দৰা কইনাক কৰিলে উদ্ধাৰ। নামনি অসমৰ সংখ্যালঘু অঞ্চল সমূহত আজিও অব্যাহত আছে বাল্যবিবাহৰ ঘটনা। এইবাৰ ঘটনাৰ স্থান বৰক্ষেত্ৰীৰ ভেলামাৰি চৰ। আমছুৰ তৎপৰতাত মুকালমুৱা আৰক্ষীয়ে উদ্ধাৰ কৰিলে দৰা কইনাক।। মুকালমুৱাৰ ভেলামাৰীত বাল্য বিৱাহত বহা এগৰাকী কিশোৰী আৰু এজন যুৱকক উদ্ধাৰ কৰে নলবাৰী জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নে।
বিবাহত বহা কিশোৰী গৰাকীৰ বয়স ১৬ বছৰ। স্থানীয় আফজান বেগম নামৰ মহিলা এগৰাকীয়ে গোপনে এই বাল্য বিৱাহ সংঘটিত কৰাৰ অভিযোগ নলবাৰী জিলা আমছুৰ। জমিৰুদ্দিন নামৰ লোক এজনৰ ঘৰত অনুসন্ধান চলাই উদ্ধাৰ কৰে কিশোৰী আৰু যুৱক জনক। দুয়োগৰাকীক মুকালমুৱা আৰক্ষীক চমজাই দিয়াৰ লগতে বাল্য বিৱাহত জড়িত লোকক তদন্ত কৰি উচিত শাস্তিৰ দাবী জনাই নলবাৰী জিলা সংখ্যালঘু ছাত্র ইউনিয়নে।
Leave A Comment