• বাসগৃহত অগ্নিসংযোগঃ একেটা পৰিয়ালৰে দুই সদস্যৰ মৃত্যু

    আঞ্চলিক
    বাসগৃহত অগ্নিসংযোগঃ একেটা পৰিয়ালৰে দুই সদস্যৰ মৃত্যু

    কাছাৰ : কাছাৰৰ বেৰেংগাৰ দ্বিতীয় খণ্ডৰ ৰবিদাস পাৰাত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। কোনো দুষ্কৃতিকাৰীয়ে এজন লোকৰ ঘৰত অগ্নিসংযোগ কৰাৰ ফলত লোকজনৰ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ সমান্তৰালকৈ পৰিয়ালটোৰ দুজন লোকৰ মৃত্যু ঘটে আৰু আন এজন লোক সংকটজনক অৱস্থাত শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাত আছে।





    আৰু পঢ়িব পাৰিব :লামডিঙত অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ





    বেৰেংগাৰ দ্বিতীয় খণ্ডৰ ৰবিদাস পাৰাৰ ৰাজু ৰবি দাস নামৰ লোকজনৰ বাসগৃহত বুধবাৰ নিশা সংঘটিত হৈছে এই ঘটনা। আৰু এই ঘটনাত শিলচৰ মেডিকেল কলেজ হাস্পতালত নিশা মৃত্যু ঘটে ৰাজু ৰবিদাসৰ পত্নী দুলীয়া ৰবিদাস আৰু দহবছৰীয়া কন্যা সন্তান অঞ্জলি ৰবিদাসৰ । ইপিনে সংকটজনক অৱস্থাত শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাত আছে ৰাজু ৰবিদাস।





    আৰু পঢ়িব পাৰিব :শহুৰেকৰ হাতত প্ৰাণ গ’ল জোঁৱায়েকৰ, কি আছিল আঁৰৰ কাৰণ?





    ঘটনাৰ বিৱৰণ অনুসৰি, বুধবাৰৰ নিশা প্ৰায় ১২ বজাত পৰিয়ালটো যেতিয়া গভীৰ নিদ্ৰাত আছিল, তেনে সময়তে এদল দুষ্কৃতিকাৰীয়ে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি বাসগৃহত অগ্নিসংযোগ কৰি সেইস্থানৰপৰা পলাই যায়। আনহাতে স্থানীয় লোকে জুইৰ ঘটনা প্ৰত্যক্ষ কৰি কোনোমতে নিজা প্ৰচেষ্টাৰে জুই নুমুৱাই ঘৰৰ ভিতৰৰ পৰা তিনিজন লোকক অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে। আৰু চিকিৎসাধীন অৱস্থাতেই নিশা ৰাজু ৰবি দাসৰ পত্নী আৰু কন্যাৰ মৃত্যু হয়।