• বাহনসহ জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছঃ গ্ৰেপ্তাৰ ৫ সৰবৰাহকাৰী

    আঞ্চলিক
    বাহনসহ জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছঃ গ্ৰেপ্তাৰ ৫ সৰবৰাহকাৰী

    গুৱাহাটীঃ নিৰ্বাচনৰ আচৰণ বিধি বলবৎ হৈ থকাৰ সময়তে আজি ‘Narcotics Control Bureau (NCB)’ ৰ অভিযানত সোণাপুৰত জব্দ হৈছে বৃহৎ পৰিমাণৰ ‘Crystal Methamphetamine’ নামৰ চাইনিজ ড্ৰাগছ। ড্ৰাগছখিনিৰ ওজন প্ৰায় ১০,২৭৬কিলোগ্ৰাম। ড্ৰাগছ সৰ্বৰাহকাৰীত জড়িত ৫জনক গ্ৰেপ্তাৰ কৰা হৈছে।





    আৰু পঢ়িব পাৰিব : ৰণবীৰৰ দেহত ক’ভিডৰ উপস্থিতি! স্ব-গৃহত কোৱাৰেণ্টাইন





    ধৃত সৰ্বৰাহকাৰীকেইজন ক্ৰমে মণিপুৰৰ মহম্মদ ছাফিকুৰ ৰহমান, কৃষ্ণ মহাপাত্ৰ মালি, মহম্মদ আব্দুল কুত্তি, মহম্মদ চাজিদ আনোৱাৰ আৰু তামিলনাডুৰ ত্যাগৰঞ্জন এম। সৰবৰাহকাৰ্যত ব্যৱহূত দুখন চাৰিচকীয়া বাহনো জব্দ কৰে অভিযাকাৰীৰ দলেটোৱে। জব্দকৃত বাহন দুখনৰ নম্বৰ হৈছে MN 05 A 7260 আৰু AS 01 EA 6312।





    আৰু পঢ়িব পাৰিব : হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ব্লু-প্ৰিণ্ট ! গ্ৰেপ্তাৰ আলোচনাপন্থী আলফা নেতা





    সৰবৰাহকাৰী কেইজনৰপৰা এনচিবিয়ে উদ্ধাৰ কৰে নগদ ৭৪,৫০০টকা। সোণাপুৰৰ টোলগে’টৰ সমীপৰ পৰা গ্ৰেপ্তাৰ কৰে এই ৫ সৰবৰাহকাৰীক। এক গোপন সূত্ৰৰ পম খেদি এনচিবিয়ে চলাইছিল এই অভিযান। আন্তঃৰাষ্ট্ৰীয় বজাৰত ড্ৰাগছখিনিৰ মূল্য প্ৰায় ৫ কোটিৰো অধিক। জব্দকৃত ড্ৰাগছখিনি চীনৰ পৰা ম্যানমাৰ হৈ মণিপুৰৰ সীমান্তৰে ভাৰতত প্ৰৱেশ কৰি গুৱাহাটীৰ মাজেৰে চেন্নাইলৈ নিয়াৰ পৰিকল্পনা আছিল সৰবৰাহকাৰী দলটোৰ।