International
Nepal's newly elected President Ramchandra Paudel was admitted to Tribhuwan University Teaching Hospital in Kathmandu's Maharajgunj after...
চিৰাং: চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত বঙাইগাঁও শোধনাগাৰ আইঅ’চি গেটত মঙলবাৰে নিশা তেল মাফিয়াৰ তাণ্ডৱ। চুলতান নামৰ এজন লোকৰ নেতৃত্বত এটি দহজনীয়া দুৰ্বৃত্তৰ দলে চলোৱা আক্ৰমণত এজন যুৱক নিহত হোৱাৰ লগতে আন দুজন যুৱক আহত হয়। নিহত হোৱা যুৱকজন টেংকাৰ চালক তথা ছাতিপুৰ গাঁৱৰ আব্দুল মালেক বুলি আমাৰ সাংবাদিকে জনাইছে। ছাতিপুৰৰ সুৰুজ আলী আৰু বৈখুনগাঁৱৰ মইদুল ইছলাম নামৰ আহত যুৱক দুজন সম্প্ৰতি চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে।
ঘটনা সম্পৰ্কে জানিব পৰা মতে মঙলবাৰে নিশা প্ৰায় ১০-৩০ বজাত আইঅ’চি গেটৰ সন্মুখত আক্ৰমণাত্মক ঘটনা সংঘটিত হয়। মুৰ্শ্বিদ আলী মণ্ডলৰ ৰখাই থোৱা এএছ-১৯ এম ৩০৩২ নম্বৰৰ জীপ এখন আৰু এখন এল্ট’ গাড়ীক দুবাৰকৈ খুন্দিয়াই তেল মাফিয়া চুলতান আলী আহমেদ আৰু ভায়েক বজৰুল হকৰ নেতৃত্বত অহা দলটোৱে ৰ’ড আৰু লোহাৰ পাতিৰে আক্ৰমণ চলায়।
উক্ত ঘটনাত টেংকাৰ চালক আব্দুল মালেক থিতাতে নিহত হোৱাৰ উপৰি মইদুল আৰু সুৰুজ নামৰ যুৱক দুজন আহত হয়। ঘটনা সংক্ৰান্তত ঢালিগাঁও থানাত ২২৫/২০২১ নম্বৰত ১২০বি/৩০২/৩০৭/৩২৫/৪২৭ ধাৰাত গোচৰ পঞ্জীয়ন হৈছে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে যদিও এজনো অপৰাধীক বৰ্তমানলৈকে আটক কৰিবলৈ সক্ষম হোৱা নাই।
Leave A Comment