• বিজেপিত ৰাজনৈতিক বৰ্ণালী!এইআইইউডিএৰ বিধায়কৰ গাতো লাগিল গেৰুৱা ৰং

    আঞ্চলিক
    বিজেপিত ৰাজনৈতিক বৰ্ণালী!এইআইইউডিএৰ বিধায়কৰ গাতো লাগিল গেৰুৱা ৰং

    গুৱাহাটী : শাসকীয় বিজেপি দলৰ মজিয়াত এতিয়া ভৰি পৰিছে বিভিন্ন ৰাজনৈতিক ৰঙেৰে। বিৰোধীৰ বছা বছা নেতাক বিজেপিলৈ আদৰি নি বিজেপিয়ে নিজৰ পৰিসৰ বৃদ্ধি কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। পুৰণি নেতাসকল অপ্ৰাসংগিক আৰু এলাগী হৈ পৰা বুলি উঠা অভিযোগৰ মাজতে এতিয়া বিজেপি ভৰি পৰিছে ন ন মুখেৰে।





    এইবাৰ বিজেপিত যোগ দিছে বিৰোধী দলৰ আন এগৰাকী জনপ্ৰতিনিধিয়ে। আজি বিজেপিত যোগ দিলে ভৱানীপুৰৰ এইআইইউডিএফৰ বিধায়ক ফণী তালুকদাৰে৷ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই দললৈ আদৰণি জনায় তালুকদাৰক৷ তালুকদাৰৰ লগতে বহুসংখ্যক সমৰ্থকেও যোগদান কৰে বিজেপিত৷ ৰাইজৰ দলৰ তিনিচুকীয়া জিলাৰ সভাপতি শৰৎ দাসৰো যোগদান বিজেপিত৷





    ইয়াৰ উপৰি, আক্ৰাছুৰ কেইবাজনো নেতাৰ উপৰি শিক্ষাবিদ ডঃ প্ৰভাত চন্দ্ৰ কলিতা, আক্ৰাছুৰ ৰাজ্যিক সাধাৰণ সম্পাদক দীনেশ ৰয়ৰ লগতে বহুকেইগৰাকী চিকিৎসকেও যোগদান কৰে বিজেপিত৷ উল্লেখ্য যে, বিজেপিত যোগ দিয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে ফণী তালুকদাৰে৷ যোগদানৰ পূৰ্বে বিধায়ক পদ ত্যাগ কৰিলে ফণী তালুকদাৰে৷