National
গুৱাহাটী : আজি বিজেপিত যোগদান কৰে কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক শিৱচৰণ বসুমতাৰী, জ্যেষ্ঠ নেতা পংকজ বৰবৰা, অনিল ৰাজা তথা গুৱাহাটীৰ কেইবাগৰাকীও কাউন্সিলৰকে ধৰি মুঠ ৩৯জন ৰাজনীতিকে৷ উল্লেখ্য যে, এইবাৰৰ নিৰ্বাচনত পূব গুৱাহাটী সমষ্টিৰ পৰা টিকট বিচাৰিছিল পংকজ বৰবৰাই৷
ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত তেওঁ পিন্ধে গেৰুৱা বসন৷ বিজেপিত যোগদান কৰি তেওঁ কয়, কংগ্ৰেছ এতিয়া আইচিইউত৷ পশ্চিমৰ আকাশত এতিয়া কংগ্ৰেছৰ বেলি৷ ইফালে, কংগ্ৰেছ দলৰ ব্যাভিচাৰিতা দেখি মই ৬মাহ পূৰ্বেই কংগ্ৰেছ এৰিলোঁ বুলি ন-বিজেপি অনিল ৰাজাই মন্তব্য কৰে৷ লগতে বিজেপি খুব নিয়মানুৱৰ্তিতা মানি চলা দল বুলি তেওঁ মন্তব্য কৰে।
বিজেপি দলে সু-পৰিকল্পিতভাৱে কাম কৰিব পাৰে বুলিও তেওঁ মন্তব্য কৰে। উল্লখ্যে যে, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ সৈতে মুকলি সংঘাতৰ জৰিয়তে অনিল ৰাজা বিগত সময়ছোৱাত ব্যাপক চৰ্চালৈ আহিছিল।
Leave A Comment