• বিজয়ৰ দুৱাৰদলিত থমকিল ভাৰত, কিৱিৰ টেইল এণ্ডাৰৰ দৃঢ়তাত খেল ড্ৰ

    আঞ্চলিক
    বিজয়ৰ দুৱাৰদলিত থমকিল ভাৰত, কিৱিৰ টেইল এণ্ডাৰৰ দৃঢ়তাত খেল ড্ৰ

    ডিজিটেল ডেস্কঃ ভাৰত -নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত কানপুৰ টেষ্ট ড্ৰ। কানপুৰ টেষ্টৰ পঞ্চম দিনৰ শেষত নিউজিলেণ্ডে ভাৰতৰ পৰা কাঢ়িলে বিজয়ৰ স্বপ্ন। ৰচীন ৰবীন্দ্ৰ, আজাজ পেটেলৰ যুটিত ব্যৰ্থ হয় অশ্বিন-জাদেজা। অন্তিম উইকেটৰ বাবে যুঁজ দি ব্যৰ্থ হয় ভাৰত। উল্লেখ্য যে, প্ৰথম ইনিংছত ভাৰতে আটাইকেইটা উইকেট হেৰুৱাই ৩৪৫ৰান সংগ্ৰহ কৰিছিল। প্ৰত্যুত্তৰত নিউজিলেণ্ডে ২৯৬ৰানহে সংগ্ৰহ কৰে। ৪৯ৰানৰ অগ্ৰগতিৰে ভাৰতে দ্বিতীয় ইনিংছ আৰম্ভ কৰে। দ্বিতীয় ইনিংছত ভাৰতে ৮১ অ’ভাৰত ৭টা উইকেট হেৰুৱাই ২৩৪ৰান সংগ্ৰহ কৰে। দ্বিতীয় ইনিংছত ভাৰতে সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছিল।









    জাদেজাৰ বলিঙত পেভেলীয়নমুখী হৈছিল নিউজিলেণ্ডৰ মিডিল অৰ্ডাৰ বেটছমেন। থমকি ৰ’বলগীয়া হৈছিল অধিনায়ক কেন উইলিয়ামছন, ৰ’ছ টেইলৰৰ দৰে আগশাৰীৰ বেটছমেন। জাদেজাৰ সমান্তৰালকৈ অক্ষৰ পাটেল আৰু ৰবীচন্দ্ৰন অশ্বিনৰ পৰাও আশাপ্ৰদ সহাঁৰি লাভ কৰে ভাৰতে। ভাৰতৰ জয়ৰ আশা ক্ৰমান্বয়ে বৃদ্ধি পাইছিল যদিও শেষমুহূৰ্তত সেয়া বাস্তৱায়িত হোৱা দেখা নগ’ল। ৰবীন্দ্ৰ জাদেজাই অন্তিম ইনিংছত ৪টা উইকেট দখল কৰিছিল। অশ্বিনে ৩টা। উমেশ যাদৱ আৰু অক্ষৰ পেটেলে এটাকৈ উইকেট দখল কৰে। অশেষ চেষ্টা কৰিও অন্তিম উইকেটতো ল'ব নোৱাৰিলে ভাৰতীয় বলাৰে। ফলশ্ৰুতিত জয়ৰ পথলৈ অগ্ৰসৰ হৈয়ো নিশ্চিত বিজয়ৰ দুৱাৰদলিত থমকিল ভাৰত। নিৰ্ধাৰিত ৯৮ অ’ভাৰত নিউজিলেণ্ডে ৯টা উইকেট হেৰুৱাই ১৬৫ ৰান সংগ্ৰহ কৰে।