Sci & Tech
Metaverse ecosystems offer completely working virtual environments in which people may collaborate, play games, and...
গুৱাহাটী: বিদ্যালয়ত নিয়মিতভাৱে উপস্থিত থকাত উৎসাহিত কৰিবলৈ স্কুল আৰু কলেজৰ শিক্ষাৰ্থীসকলক আৰ্থিক অনুদান প্ৰদান কৰিব অসম চৰকাৰে৷ দেওবাৰে শিৱসাগৰত এই কথা ঘোষণা কৰি শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, বিদ্যালয়ত উপস্থিত থকা ছাত্ৰীসকলে প্ৰতিদিনে ১০০ টকাকৈ লাভ কৰিব।
আৰু পঢ়িব পাৰিব : প্ৰেমিকাক পলুৱাই নি ধৰ্ষণ, হত্যা! এতিয়াও মুকলি আকাশৰ তলত অভিযুক্ত
তেওঁ লগতে কয় যে, চৰকাৰে স্নাতক আৰু স্নাতকোত্তৰ শিক্ষাৰ্থীসকলৰ বাবে জানুৱাৰীৰ ভিতৰত তেওঁলোকৰ বেংক একাউণ্টত ক্ৰমে ১৫০০ আৰু ২০০০ টকাকৈ জমা কৰিব, যাতে তেওঁলোকে কিতাপ কিনিবলৈ সেই ধন ব্যৱহাৰ কৰিব পাৰে।
আৰু পঢ়িব পাৰিব : নৱবৰ্ষৰ প্ৰথম দিনটোতে ভাৰতৰ শিশু জন্মৰ ব্যতিক্ৰমী অভিলেখ
চৰকাৰৰ এই পদক্ষেপক বিভিন্ন পক্ষই বিধানসভা নিৰ্বাচনৰ আগতে শিক্ষাৰ্থী সমাজৰ ভোট লাভৰ কৌশল বুলি সমালোচনা কৰা দেখা গৈছে।
Leave A Comment