• বিধায়ক জয়ন্ত মল্লৰ সমুখত বৌদ্ধিক প্ৰত্যাহ্বানঃ মৃত্যুৰ মুখলৈ এখন অভিধান

    আঞ্চলিক
    বিধায়ক জয়ন্ত মল্লৰ সমুখত বৌদ্ধিক প্ৰত্যাহ্বানঃ মৃত্যুৰ মুখলৈ এখন অভিধান

    ডিজিটেল ডেস্ক: অসমৰ বৌদ্ধিক জগতৰ প্ৰাতঃস্মৰণীয় নাম শশী শৰ্মা৷ শশী শৰ্মাই তেখেতৰ সপোন, পৰিশ্ৰম আৰু জাতীয় দায়বদ্ধতাৰ পৰিচয়েৰে প্ৰস্তুত কৰি উলিয়াইছিল এখন অষ্টভাষিক অভিধানৰ খচৰা৷ অসমীয়া, ইংৰাজী, হিন্দী, বাংলা, বড়ো, নেপালী, মিচিং, কাৰ্বি- এই আঠটা ভাষাৰ বিশেষজ্ঞ আৰু ভাষাবিদৰ সন্মিলিত প্ৰচেষ্টাত শশী শৰ্মাৰ মুখ্য সম্পাদনাত পাণ্ডুলিপি প্ৰস্তুত হৈ উঠিছিল অষ্টভাষিক অভিধানখনৰ৷ দুখৰ বিষয় এয়াই যে শশী শৰ্মাৰ সেই অষ্টভাষিক অভিধানখনৰ পাণ্ডুলিপিটোৱে এতিয়া মৃত্যুৰ ক্ষণ গণিছে৷ জহি-খহি গৈছে পাণ্ডুলিপিটোৰ প্ৰতিটো পৃষ্ঠা৷






    ভাষা এটা সমৃদ্ধ হয় ভাষাটোৰ চৰ্চা আৰু ভাষাটোৰ অভিধানৰ মাজেৰে৷ অসমৰ ৰাজনৈতিক নেতাসকলে সময়ে সময়ে ভাষাটোক ৰাজনীতি কৰি আহিছে৷ অসমীয়া ভাষালৈ সংকট নমাই আনিছে সময়ে সময়ে৷ তথাপিও, অসমীয়া ভাষা নমৰে৷ ৰাজনীতিৰ কোনো কুটিল সংজ্ঞাই অসমীয়া ভাষাক সহজে চুবগৈ নোৱাৰে৷ চৰকাৰ আহিব, চৰকাৰ যাব৷ মুখ্যমন্ত্ৰী আহিব, মুখ্যমন্ত্ৰী যাব৷ তথাপিও, চিৰপ্ৰবহমান হৈ থাকিব অসমীয়া ভাষা৷ অসমীয়া ভাষাৰ বোৱঁতী সোঁত কোনেও ৰুদ্ধ কৰিব নোৱাৰে৷ গোপীনাথ বৰদলৈ‌, শৰৎ চন্দ্ৰ সিংহৰ পৰৱৰ্তী সময়ত কোনো মুখ্যমন্ত্ৰীয়ে অসমীয়া ভাষা-সাহিত্যৰ প্ৰতি বিশেষ দায়বদ্ধতা দেখুওৱা পৰিলক্ষিত হোৱা নাই৷ এপিএছচিৰ পৰা অসমীয়া ভাষাক বাদ দিয়া অথবা বৰাকৰ পৰা অসমীয়া ভাষাৰ হৰ্ডিং আঁতৰাই দিয়া ঘটনাই অসমীয়া ভাষা আৰু সামগ্ৰিকভাৱে জাতিসত্তাৰ প্ৰতি অশনি সংকেট কঢ়িয়াই আনিছে৷ এইক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰা ভূমিকা সন্তোষজনক যেন অনুভৱ কৰা নাই অসমীয়াভাষী লোকসকলে৷






    শশী শৰ্মাৰ অভিধানখন প্ৰকাশ হোৱা হ’লে অসমৰ আঞ্চলিক ভাষাসমূহৰ মাজত এক ঐক্য গঢ় লৈ উঠিলহেঁতেন৷ যিটো আজিৰ সময়ত অত্যন্ত প্ৰাসংগিক বিষয়৷ কিন্তু, পাণ্ডুলিপি পৰ্যন্ত প্ৰস্তুত হৈ থকা অভিধানখন শশী শৰ্মাৰ শাৰীৰিক অসুস্থতা, আৰ্থিক দুৰৱস্থাৰ বাবে প্ৰকাশ হৈ নুঠিল৷ যিটো অসমীয়া সাহিত্য আৰু বৌদ্ধিক ক্ষেত্ৰখনৰ বাবে পৰিতাপৰ বিষয়৷ অসমৰ বৌদ্ধিক জগতৰ প্ৰাতঃস্মৰণীয় নাম শশী শৰ্মা৷ শশী শৰ্মাই তেখেতৰ সপোন, পৰিশ্ৰম আৰু জাতীয় দায়বদ্ধতাৰ পৰিচয়েৰে প্ৰস্তুত কৰি উলিয়াইছিল এখন অষ্টভাষিক অভিধানৰ খচৰা৷ অসমীয়া, ইংৰাজী, হিন্দী, বাংলা, বড়ো, নেপালী, মিচিং, কাৰ্বি- এই আঠটা ভাষাৰ বিশেষজ্ঞ আৰু ভাষাবিদৰ সন্মিলিত প্ৰচেষ্টাত শশী শৰ্মাৰ মুখ্য সম্পাদনাত পাণ্ডুলিপি প্ৰস্তুত হৈ উঠিছিল অষ্টভাষিক অভিধানখনৰ৷ দুখৰ বিষয় এয়াই যে শশী শৰ্মাৰ সেই অষ্টভাষিক অভিধানখনৰ পাণ্ডুলিপিয়ে এতিয়া মৃত্যুৰ ক্ষণ গণিছে৷ জহি-খহি গৈছে পাণ্ডুলিপিৰ প্ৰতিটো পৃষ্ঠা৷






    ভাষা এটা সমৃদ্ধ হয় ভাষাটোৰ চৰ্চা আৰু ভাষাটোৰ অভিধানৰ মাজেৰে৷ অসমৰ ৰাজনৈতিক নেতাসকলে সময়ে সময়ে ভাষাটোক লৈ খেলি আহিছে৷ অসমীয়া ভাষালৈ সংকট নমাই আনিছে সময়ে সময়ে৷ তথাপিও, অসমীয়া ভাষাটো নমৰে৷ ৰাজনীতিৰ কোনো কুটিল সংজ্ঞাই অসমীয়া ভাষাক সহজে চুবগৈ নোৱাৰে৷ চৰকাৰ আহিব, চৰকাৰ যাব৷ মুখ্যমন্ত্ৰী আহিব, মুখ্যমন্ত্ৰী যাব৷ তথাপিও, চিৰপ্ৰবহমান হৈ থাকিব অসমীয়া ভাষা৷ অসমীয়া ভাষাৰ বোৱঁতী সোঁত কোনেও ৰুদ্ধ কৰিব নোৱাৰে৷ ভাষাটোক লৈ অসমৰ ৰাইজ যথেষ্ট সজাগ আৰু সচেতন৷ গোপীনাথ বৰদলৈ‌, শৰৎ চন্দ্ৰ সিংহৰ পৰৱৰ্তী সময়ত কোনো মুখ্যমন্ত্ৰীয়ে অসমীয়া ভাষা-সাহিত্যৰ প্ৰতি বিশেষ দায়বদ্ধতা দেখুওৱা পৰিলক্ষিত হোৱা নাই৷ এপিএছচিৰ পৰা অসমীয়া ভাষাক বাদ দিয়া অথবা বৰাকৰ পৰা অসমীয়া ভাষাৰ হৰ্ডিং আঁতৰাই দিয়া ঘটনাই অসমীয়া ভাষা আৰু সামগ্ৰিকভাৱে জাতিসত্তাৰ প্ৰতি অশনি সংকেট কঢ়িয়াই আনিছে৷ এইক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰা ভূমিকা সন্তোষজনক যেন অনুভৱ কৰা নাই ৰাজ্যখনৰ অসমীয়াভাষী লোকসকলে৷






    শশী শৰ্মাৰ অভিধানখন প্ৰকাশ হোৱা হ’লে অসমৰ আঞ্চলিক ভাষাসমূহৰ মাজত এক ঐক্য গঢ় লৈ উঠিলহেঁতেন৷ যিটো আজিৰ সময়ত অত্যন্ত প্ৰাসংগিক বিষয়৷ কিন্তু, পাণ্ডুলিপি পৰ্যন্ত প্ৰস্তুত হৈ থকা অভিধানখন শশী শৰ্মাৰ শাৰীৰিক অসুস্থতা, আৰ্থিক দুৰৱস্থাৰ বাবে প্ৰকাশ হৈ নুঠিল৷ যিটো অসমীয়া সাহিত্য আৰু বৌদ্ধিক ক্ষেত্ৰখনৰ বাবে পৰিতাপৰ বিষয়৷ অসম সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থাৰ দৰে জাতীয় অনুষ্ঠানৰ এইক্ষেত্ৰত দায়বদ্ধতা আছে৷ তেখেতসকলে অপ্ৰকাশিত অভিধানখনৰ পাণ্ডুলিপিটো প্ৰকাশৰ ব্যৱস্থা কৰি জাতীয় দায়বদ্ধতাৰ পৰিচয় দিব পাৰে৷ অসম প্ৰকাশন পৰিষদেও এইক্ষেত্ৰত ব্যৱস্থা কৰালৈ বাট চাইছে অসমৰ সুধীসমাজে৷ নলবাৰী চহৰৰ সমীপৰ জাপাৰকুছি গাঁৱৰ বাসিন্দা আছিল প্ৰয়াত শশী শৰ্মা৷ যিখন গাঁও নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত৷ এই সমষ্টিটোৰ বৰ্তমানৰ বিধায়কগৰাকী অসমৰ ৰাজনীতিৰ এটা পৰিচিত নাম৷ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব এই যুৱ ৰাজনীতিকজনে অইন কি কৰিছে, নকৰিছে, সেয়া ডাঙৰ কথা নহয়৷ কিন্তু, অপ্ৰকাশিত অভিধানখন প্ৰকাশ কৰিব পৰাকৈ বিধায়কগৰাকীয়ে সহায়ৰ হাত আগবঢ়াব পাৰে৷ তাৰ বাবে বাট চাইছে অসমৰ বৌদ্ধিক সমাজে৷ শশী শৰ্মাৰ অপ্ৰকাশিত অভিধানখনৰ অপ্ৰকাশিত পাণ্ডুলিপিটো প্ৰকাশৰ ব্যৱস্থা কৰি উলিওৱাতো বিধায়কগৰাকীৰ বাবে জাতীয় দায়বদ্ধতাৰ পৰিচায়ক হ’ব পাৰে৷ এই বৌদ্ধিক প্ৰত্যাহ্বান বিধায়কগৰাকীয়ে কিধৰণে মোকাবিলা কৰে, সেয়া লক্ষ্যণীয় হ’ব৷