• বিধায়ক পুঁজিৰ ধন আত্মসাৎ কৰি ৰঙাঘৰত ৬ বিষয়া

    আঞ্চলিক
    বিধায়ক পুঁজিৰ ধন আত্মসাৎ কৰি ৰঙাঘৰত ৬ বিষয়া

    গুৱাহাটী : বিধায়ক পুঁজিৰ ধন আত্মসাৎ কৰি ৰঙাঘৰত বিষয়া৷ বৰপেটাৰ বাঘবৰৰ পৰা ৩জন বিষয়াক গ্ৰেপ্তাৰ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছে আন ৩জন অভিযুক্তক৷ উল্লেখ্য যে, বিধায়ক পুজিৰ ৬৫ লাখ আত্মসাৎৰ অভিযোগ এই ৬ জন বিষয়াৰ বিৰুদ্ধে ৷ ৰাস্তা বনোৱাৰ নামত আত্মসাৎ কৰিছিল ৬৫ লাখকৈ টকা ৷





    মঙলদৈ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ইউছুফুৰ ৰহমানক গ্ৰেপ্তাৰ, অৱসৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া যাদৱ চৌধুৰীক গ্ৰেপ্তাৰ, মন্দিয়া ব্লকৰ কনিষ্ঠ অভিযন্তা আইনুৰ ৰহমানক গ্ৰেপ্তাৰ কৰে৷ আনহাতে ৩খন উন্নয়ন পৰিষদৰ সভাপতিকো গ্ৰেপ্তাৰ কৰে৷ তেওঁলোক ক্ৰমে আব্দুল ৰেজ্জাক, শ্বাহদামাল আলী, মুজাহিদুৰ ৰহমান৷ মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই গ্ৰেপ্তাৰ কৰিছে ৬ জনকে৷ সম্প্ৰতি পাণবজাৰ থানাত ৰখা হৈছে আটাইকেইজনক৷