Business
গুৱাহাটীঃ অসম সচিবালয়ৰ ভিতৰৰ পৰা প্ৰাক্তন মন্ত্রী তথা বিধায়ক ফণীভূষণ চৌধুৰীৰ গাড়ী চুৰি হৈছিল। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ লগতে চিচি কেমেৰা থকাৰ পাছতো চৌধুৰীৰ ইন'ভা গাড়ীখন চুৰি হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছিল। ঘটনা সন্দৰ্ভত বৰ্তমান দুজন লোকক আটক কৰিছে দিছপুৰ আৰক্ষীয়ে। দিছপুৰ আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে ফণীভূষণ চৌধুৰীৰ গাড়ীৰ চুৰি ঘটনাৰ সবিশেষ।
বিধায়কগৰাকী গাড়ীচালকে চুৰি কৰিছিল গাড়ীখন। চুৰি কৰি নিয়া গাড়ীখন নুমলীগড়ত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পাছতে পোহৰলৈ আহিছে সমগ্র ঘটনা। চালকগৰাকীৰ নাম মেৰাজ ৱাছিকুৰ ৰহমান। ৩০ কোটি টকা হৰলুকীৰ অভিযোগ মিৰাজৰ বিৰুদ্ধে। সূতা কম্বল, আঠুৱা আবণ্টন কৰাৰ নামত ভুৱা আবণ্টনৰ দ্বাৰা ঠিকাদাৰ চন্দ্ৰ প্ৰকাশ বাড়িয়াৰ পৰা ধন আত্মসাৎ কৰাৰ অভিযোগ উঠিছে তেওঁৰ বিৰুদ্ধে। কেৱল ইমানেই নহয় আৰু বহু ধন হৰলুকীৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। বহু ৰাজনৈতিক নেতাৰ সৈতে উঠা-বহা আছে বুলি চিনাকি দি এনে কাম বহুদিনৰেপৰা কৰি আহিছিল মিৰাজে। মিৰাজৰ হাতত পোৱা গৈছে সংবাদ মাধ্যমৰ পৰিচয়-পত্ৰও। চন্দ্ৰ প্ৰকাশ ৱাডিয়াৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে মেৰাজক। প্ৰাক্তন মন্ত্রী তথা বিধায়ক ফণীভূষণ চৌধুৰীৰ গাড়ী চুৰি ঘটনা সন্দৰ্ভত ৩জনক আটক কৰিছে দিছপুৰ আৰক্ষীয়ে। আটকাধীনকেইজন ক্ৰমে অৰিফুল, হাৰেছ আলী, ছফিকুল আহমেদ নামৰ তিনিজনক আটক কৰিছে দিছ্পুৰ আৰক্ষীয়ে। তেওঁক গাড়ী চুৰিৰ এক বৃহৎ চক্ৰৰে জড়িতৰ সন্দেহ কৰা হৈছে।
Leave A Comment