National
Following his disqualification from the Lok Sabha, Congress leader Rahul Gandhi has been served with a notice to leave the government-allotted bungalow...
Digital Desk: Following his disqualification from the Lok Sabha, Congress leader
কাছাৰ : ২০২১ ৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে চৰকাৰী চাকৰি ত্যাগ কৰিলে কাছাৰ জিলাৰ উধাৰবন্ধ সমষ্টিৰ বিশুদ্ধানন্দ মাহাতো নামৰ এজন লোকে ৷ বিধায়ক হোৱা লক্ষ্যৰে জয়পুৰ ৰামচন্দ্ৰ বৰ্মন পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক পদৰ পৰা পদত্যাগ কৰে তেওঁ ৷
আৰু পঢ়িব পাৰিব : কংগ্ৰেছৰ ২২ সমষ্টিৰ প্ৰাৰ্থী চূড়ান্ত, কোনে পালে প্ৰাৰ্থীত্ব?
উধাৰবন্ধ বিধানসভা সমষ্টিৰ হৰিনগৰৰ শিক্ষক গৰাকীয়ে গৃহ সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰয়াসী ৷ চাকৰিৰ পৰা স্বেচ্ছাসেৱী অৱসৰ লৈ জনগণৰ সেৱাৰ বাবে ওলাই আহিছে বুলি মন্তব্য বিশুদ্ধানন্দ মাহাতোৰ৷ তেওঁৰ সমাজসেৱাৰ প্ৰতি মুগ্ধ হৈ ৰাইজে সমষ্টিটোৰ পৰা প্রতিদ্বন্দ্বীতা কৰিবৰ বাবে হেঁচা প্ৰয়োগ কৰিছে বুলি জানিবলৈ দিয়ে ৷
ৰাইজৰ অনুৰোধত তেওঁ এইবাৰৰ বিধানসভাৰ নিৰ্বাচনত উধাৰবন্ধ সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হৈ প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে বুলি আশা প্ৰকাশ কৰে৷ ইতিমধ্যে তেওঁ বিজেপিৰ প্ৰাৰ্থিত্বৰ দাবী জনাই ৰাজ্যিক বিজেপিৰ সভাপতিৰ ওচৰত মনোনয়ন দাখিল কৰিছে ৷
আৰু পঢ়িব পাৰিব : ১০ হাজাৰ টকাত পিতৃ-মাতৃয়ে বিক্ৰী কৰিলে তিনিদিনীয়া সন্তানক
যদি বিজেপি প্ৰাৰ্থিত্ব প্ৰদান কৰে তেনেহলে তেওঁৰ জয় নিশ্চিত আৰু যদি বিজেপি দলে টিকট নিদিয়ে তেনেহলে তেওঁ ৰাইজৰ হৈ নিৰ্দলীয় প্ৰাৰ্থী হৈ এইবাৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি জানিবলৈ দিয়ে শিক্ষকজনে ৷ ইপিনে তেওঁৰ পত্নীয়েও পাৰিবাৰিক সমস্যাৰ বাবে স্বেচ্ছাসেৱী অৱসৰ লয়৷
Leave A Comment