• বিধি পথালি দিছে ক’ৰনাই, পাকিস্তান-ৱেষ্ট ইণ্ডিজৰ মাজৰ এদিনীয়া শৃংখলা বাতিল

    আঞ্চলিক
    বিধি পথালি দিছে ক’ৰনাই, পাকিস্তান-ৱেষ্ট ইণ্ডিজৰ মাজৰ এদিনীয়া শৃংখলা বাতিল

    নতুন দিল্লীঃ পাকিস্তানৰ বিৰুদ্ধে ৱেষ্ট ইণ্ডিজৰ এদিনীয়া শৃংখলাৰ অন্তিম খন খেল ক’ৰনা মহামাৰীৰ বাবে বাতিল কৰা হৈছে।অন্তিম খেলখন শনিবাৰে অনুষ্ঠিত হোৱাৰ কথা আছিল। জানিবলৈ পোৱা মতে, এই শৃংখলাটো আগন্তুক বৰ্ষৰ জুলাই মাহত অনুষ্ঠিত হ'ব। উল্লেখ্য যে, ৱেষ্ট ইণ্ডিজৰ ৩জন ক্ৰিকেটাৰ আৰু এজন সহায়ক কৰ্মচাৰী পাকিস্তানত উপস্থিত হোৱাৰ পাছত ক’ৰনাত আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছিল।





    ক’ৰনাৰ এই প্ৰাথমিক আঘাতৰ সত্ত্বেও দলটো সাজু হৈছিল শৃংখলাৰ বাবে। কিন্তু বৃহস্পতিবাৰে ক’ভিডে পুনৰ তেওঁলোকৰ শিবিৰত আক্ৰমণ কৰে। এনেকুৱা পৰিস্থিতি টি-২০ শৃংখলাৰ অন্তিমখন খেল বাতিল কৰাৰ সিদ্ধান্তই লোৱা হৈছিল।অৱশ্যে, পৰৱৰ্তী সময়ত সেই খেলখন কেনেবাকৈ আয়োজন কৰা হৈছিল যদিও এদিনীয়া শৃংখলাৰ বাবে অনুমোদন নিদিলে কৰ্তৃপক্ষই।





    বৃহস্পতিবাৰে পুৱা ক্ৰিকেটাৰ আৰু সহায়ক কৰ্মচাৰীসহ মুঠ ২১ জনৰ ক’ৰনা পৰীক্ষা কৰা হৈছিল। ৰিপৰ্ট নিগেটিভ অহাৰ পাছতহে তৃতীয় টি-২০ খেলখন আয়োজন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। কিন্তু ক্ৰিকেটাৰসকলৰ স্বাস্থ্যৰ কথা বিবেচনা কৰি দুয়োখন দেশৰ পৰিষদৰ বিষয়াসকলে এদিনীয়া শৃংখলা বাতিলৰ সিদ্ধান্ত লৈছে।স্মৰ্তব্য যে, ইংলেণ্ড আৰু নিউজিলেণ্ডক প্ৰত্যাখ্যান কৰাৰ পাছত ৱেষ্ট ইণ্ডিজে পাকিস্তানৰ ভূমিত খেলিবলৈ সন্মত হৈছিল। কিন্তু ক’ভিডৰ প্ৰকোপৰ বাবে পাকিস্তানী অনুৰাগীসকলে বেছি দিন ক্ৰিকেটৰ আনন্দ লোৱাৰ সুযোগ নাপালে।