• বিধ্বংসী অগ্নিকাণ্ডত ২০০ৰো অধিক কুকুৰাসহ সম্পত্তি ভস্মীভূত

    আঞ্চলিক
    বিধ্বংসী অগ্নিকাণ্ডত ২০০ৰো অধিক কুকুৰাসহ সম্পত্তি ভস্মীভূত

    শিৱসাগৰঃ শিৱসাগৰত দেওবাৰে মাজনিশা বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়৷ চহৰৰ সমীপৱৰ্তী জোলাগাঁৱত সংঘটিত হয় এই অগ্নিকাণ্ড। দেওবাৰে নিশা প্ৰায় এক বজাত সংঘটিত অগ্নিকাণ্ডত গুণকান্ত দত্ত নামৰ ব্যক্তিজনৰ ধানৰ ভঁৰালসহ এখন কুকুৰা ফাৰ্ম আৰু বহু সা-সম্পত্তি জুইত জাহ যায়৷





    আৰু পঢ়িব পাৰিব : লংকাত পথৰ দাঁতিত মৃতদেহ উদ্ধাৰ! হত্যাৰ সন্দেহ





    স্থানীয় ৰাইজে জুই নিৰ্বাপনৰ চেষ্টা চলাই যদিও ব্যৰ্থ হয়। ফাৰ্মখনৰ ২০০ৰো অধিক কুকুৰাসহ কেইবালক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ যায়৷ আনহাতে ঘটনাস্থলীলৈ প্ৰৱেশ পথ সৰু হোৱাৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী প্ৰৱেশ কৰাত জটিলতা অহাত ভয়াৱহ ৰূপ লয় জুয়ে।





    আৰু পঢ়িব পাৰিব : আজি অসমলৈ বিজেপিৰ ৰাষ্ট্রীয় অধ্যক্ষ জে পি নড্ডা





    অৱশেষত ৰাজ্যিক অগ্নিনিৰ্বাপক বাহিনীৰ তিনিখন বাহনৰ দ্বাৰা এঘণ্টাজোৰা প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰা হয়।