• বিধ্বংসী অগ্নিকাণ্ড :নিঃশেষ হৈ গ'ল এখন স্থায়ী বজাৰ!

    আঞ্চলিক
    বিধ্বংসী অগ্নিকাণ্ড :নিঃশেষ হৈ গ'ল এখন স্থায়ী বজাৰ!

    তেজপুৰ : এখন স্থায়ী বজাৰ নিঃশেষ হৈ গ'ল ভয়ংকৰ অগ্নিকাণ্ডত। জুইত জাহ গ'ল প্ৰায় তিনি শতাধিক সৰু বৰ ব্যৱসায়িক প্ৰতিষ্ঠান। মাজনিশা তেজপুৰত সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ডটো ৷ জুইত ভস্মীভূত হয় ৩০০ কৈয়ে অধিক দোকান৷ তেজপুৰৰ চ’ক বজাৰত সংঘটিত এই অগ্নিকাণ্ড৷ কেইবা কোটি টকাৰ সামগ্ৰী ভস্মীভূত হয় ৷





    আৰু পঢ়িব পাৰিব :  কৰিমগঞ্জ আৰক্ষীৰ অভিযানত ফেনচিডিলসহ আটক দুই সৰবৰাহকাৰী





    ১২ বজাত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ মুল কাৰণ জনা হোৱা নাই যদিও বৈদ্যুতিক বিসংগতিৰ ফলতেঅগ্নিকাণ্ডৰ সুত্ৰপাত হ'ল বুলি সন্দেহ কৰা হৈছে৷





    আৰু পঢ়িব পাৰিব : ছাত্ৰ সন্থাৰ প্ৰশংসনীয় পদক্ষেপঃ দৰঙৰ ৭টাকৈ ‘শ্বহীদ ভৱন’ ক’ভিড সেৱাৰ বাবে অৰ্পণ





    প্ৰায় ২০ খনতকৈও অধিক অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে পুৱালৈকে নিয়ন্ত্ৰণ কৰিব পৰা নাছিল জুই৷শোণিতপুৰ জিলাৰ বিভিন্ন স্থানৰ লগতে বায়ুসেনা বাহিনী আৰু ওডালগুৰি জিলাৰ অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰায় ২০ বাহন পুৱাহে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।