• বিবাহানুষ্ঠানঃ বৰমালাৰ বিপৰীতে দৰাৰ গালত ৰামচৰ

    আঞ্চলিক
    বিবাহানুষ্ঠানঃ বৰমালাৰ বিপৰীতে দৰাৰ গালত ৰামচৰ

    গুৱাহাটী: প্ৰতিজন ব্যক্তিৰে জীৱনত সপোন থাকে। বিবাহক লৈ উৎসাহিত প্ৰতিজন ব্যক্তি৷ বিবাহৰ দিনটো সকলোৰে বাবে সুকীয়া৷ আৰু বিবাহপাশত আবদ্ধ হোৱাৰ পাছৰেপৰা আৰম্ভ হয় নতুন জীৱন। কিন্তু এইবাৰ এখন বিবাহানুষ্ঠান পৰিণত হ’ল যুদ্ধক্ষেত্ৰলৈ। নিৰঞ্জন মহাপাত্ৰ নামৰ এজন ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীয়ে আপলোড কৰা এটা শেহতীয়া ভিডিঅ’ত কইনাই দৰাক ৰামচৰ শোধোৱা দেখা গৈছে৷





    কইনাৰ সাজেৰে গৰমত হোমৰ গুৰিত বহাৰ কষ্ট কেৱল কইনাগৰাকীয়েহে বুজে। সেই হোমৰগুৰিত অস্বস্তিকৰভাৱে দৰাই গুটখা চোৱাই থকা দেখি খঙত টিঙিৰি তোলা হৈ উঠিল কইনা৷ খঙৰ ভমকত হোমৰ গুৰিতেই কইনাই এনে ৰুদ্ৰৰূপ দেখুৱালে যে, এপাকত উঠি গৈ দৰাই গুটখা পেলাই থৈ আহিবলৈ বাধ্য হ’ল। কইনাৰ চৰৰ খাই আৰু কইনা পৰিয়ালৰ মহিলাৰ ককৰ্থনা শুনি হেঁপাহেৰে চোবাই পাগত উঠোৱা গুটখা পেলাইহে নিস্তাৰ পালে দৰাই।





    ঘটনাটো ক’ৰ, হোমৰ গুৰিত কইনাৰ চৰ খোৱা দৰাজননো কোন- এতিয়ালৈ এই বিষয়ে জানিব পৰা হোৱা নাই। ইনষ্টাগ্ৰামৰ এজন ব্যৱহাৰকাৰীয়ে এই ভিডিঅ’টো আপলোড কৰাৰ পাছতে হৈ পৰিছে ভাইৰেল। শহুৰৰ চোতালতে ন-কইনাই গতি লগোৱা দৰাৰ প্ৰতি সহানুভূতিত কমেণ্টো কৰিছে একাংশই। অৱশ্যে সকলোৱে প্ৰশংসা কৰিছে কইনাৰ সাহসকহে।