• বিভিন্ন স্থানত বিদ্যুৎ বিভাগৰ অভিযান, বিল পৰিশোধ নকৰিলেই কঠোৰ ব্যৱস্থা

    আঞ্চলিক
    বিভিন্ন স্থানত বিদ্যুৎ বিভাগৰ অভিযান, বিল পৰিশোধ নকৰিলেই কঠোৰ ব্যৱস্থা

    গুৱাহাটী : ৰাজ্যত চুৰি বিদ্যুৎ তথা বিদ্যুৎ মাচুল পৰিশোধ নকৰাসকলক লৈ যথেষ্ট কঠোৰ হৈ পৰিছে বিভাগ৷ বিগত মাহত শক্তি বিভাগে ১,০৫৮,০৩টা বিদ্যুৎ সংযোগ কাটি দিছে। বিজুলী বিল পৰিশোধ নকৰা গ্ৰাহকৰ বিৰুদ্ধে আজিৰ পৰা পুনৰ গুৱাহাটীৰ বিভিন্ন স্থানত এপিডিচিএলে ধাৰাবাহিক বিদ্যুৎ কৰ্তন অভিযান আৰম্ভ কৰে৷





    আৰক্ষীক লগত লৈ চলা এই বিশেষ অভিযান ১০ জুলাই পৰ্যন্ত অব্যাহত ৰাখিব বুলি জানিব পৰা গৈছে৷ বিগত মাহত বিভাগটোয়ে ৫০৮ কোটি টকাৰ বিদ্যুৎ মাচুল সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ বিপৰীতে এতিয়াও প্ৰায় ২ হাজাৰৰ অধিক কোটি টকা বিদ্যুৎ মাচুল অনাদায় হৈ আছে৷





    ইয়াৰ ভিতৰত ৰাজ্য চৰকাৰৰ বিভাগসমূহে প্ৰায় ১০৬ কোটি টকা পৰিশোধ কৰিবলৈ বাকী আছে৷ এই ব্যাপক অভিযানৰ পূৰ্বে জুন মাহত ১ লাখ ৫ হাজাৰ ৩০৫টা বিদ্যুৎ সংযোগ কৰ্তন কৰিছে বিভাগটোৱে৷ আজিও মহানগৰীৰ উলুবাৰী, আজৰাত অভিযান চলিছে বিভাগৰ৷