Automobiles
The Jimny has a 1.5-litre petrol engine and may be purchased through a subscription plan for an all-inclusive monthly charge starting at 33,550.
ধুবুৰীঃ বিলাসীপাৰা আৰক্ষী চকীৰ অন্তৰ্গত বিলাসীপাৰা ১০নং ৱাৰ্ডত দেওবাৰে পুৱাৰ ভাগত মৃতদেহ এটা উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। শনিবাৰৰ নিশাৰ পৰা মঙল দাস (৩০) নামৰ বিলাসীপাৰাৰ যুৱক এজন নিৰুদ্দেশ হৈ আছিল।
আৰু পঢ়িব পাৰিব : ভাৰতত কৰ’না-সর্বনাশৰ বাবে দোষী নৰেন্দ্র মোদীঃ দ্য ল্যানছেট
পাছত আজি পুৱাৰভাগত স্থানীয় ৰাইজে জলাশয় এটাত যুৱকজনক মৃত অৱস্থাত প্ৰত্যক্ষ কৰে। পাছত ৰাইজে বিলাসীপাৰা আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয় বিলাসীপাৰা আৰক্ষী।
আৰু পঢ়িব পাৰিব : অসমৰ নতুন মুখ্যমন্ত্ৰী : শাসনৰ বাঘজৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হাতলৈ
বিলাসীপাৰা আৰক্ষীয়ে পৰিস্থিতিৰ বুজ লৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে, যুৱকজনৰ মৃত্যুৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই।
Leave A Comment