• বিশিষ্ট ভাষাবিদ-সাহিত্যিক ৰমেশ পাঠকৰ দেহাৱসান...

    আঞ্চলিক
    বিশিষ্ট ভাষাবিদ-সাহিত্যিক ৰমেশ পাঠকৰ দেহাৱসান...

    গুৱাহাটী : বিশিষ্ট বিশ্লেষক, সাহিত্য সমালোচক ৰমেশ পাঠক মৃত্যু হয় মঙলবাৰ সন্ধিয়া ৬.৫৩বজাত৷ এগৰাকী গৱেষক, অধ্যাপক, ভাষাবিদ, নিবন্ধকাৰ তথা বক্তা হিচাপে পৰিচিত ৰমেশ পাঠক মৃত্যুত সাহিত্য সমাজে যথেষ্ট শোকপ্ৰকাশ কৰিছে৷ দীৰ্ঘদিন ধৰি অসুস্থতাত ভূগি থকা পাঠকৰ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৯ বছৰ।





    বিশিষ্ট ভাষাবিদ-সাহিত্যিক ৰমেশ পাঠকৰ শেষকৃত্য ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰাৰ ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্য সচিবক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্দেশ প্ৰদান কৰিছে।





    আৰু পঢ়িব পাৰিব : দিল্লীত কৃষকৰ প্ৰতিবাদৰ সময়তে ট্ৰেক্টৰ বাগৰি পৰাত এজনৰ মৃত্যু





    ১৯৪২ৰ ১ মে' জন্ম হোৱা সমালোচকগৰাকীৰ হাতীগাঁও লখিমী নগৰৰ নিজা ঘৰত দেহাৱসান ঘটে। তেখেতৰ পিতৃৰ নাম হৰেশ্বৰ পাঠক আৰু মাতৃৰ নাম শান্তি পাঠক। জন্মৰ পাছতে তেখেতৰ মাতৃৰ মৃত্যু হয়। তেখেত হৰেশ্বৰ পাঠকৰ পঞ্চম তথা কনিষ্ঠ পুত্ৰ আছিল।পাঠকে ১৯৫৯ চনত টিহু হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পিছত নলবাৰী মহাবিদ্যালয়ৰ পৰা আই. এ. আৰু ১৯৬৩ চনত কটন বিশ্ববিদ্যালয়ৰ পৰা বি.এ. পৰীক্ষাত উৰ্ত্তীণ হয়। ১৯৬৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম.এ. পাছ কৰে।





    প্ৰথমে তেখেত অৰুণাচল প্ৰদেশৰ তেজু উচ্চতৰ মাধ্যমিক স্কুলত বিষয় শিক্ষক হিচাপে চাকৰিত যোগদান কৰে। ইয়াৰ পিছত ১৯৬৬ চনত অৰুণাচলৰ (তেতিয়াৰ নেফা) জৱাহৰলাল নেহৰু কলেজত অধ্যাপক হিচাপে যোগদান কৰে।





    আৰু পঢ়িব পাৰিব : অভিশপ্ত ২৫ জানুৱাৰী: গুলীয়াই হত্যা দুগৰাকীকৈ সংগ্ৰামী যুৱকক





    ইয়াৰ চাৰি বছৰ পিছত ১৯৭০ চনত গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত যোগদান কৰে আৰু ইয়াতেই অৱসৰ লয়। ২০০৬ চনৰ পৰা ২০১০ চনলৈ তেখেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত আৰু ২০০৮ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অতিথি অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰে। ড॰ ৰমেশ পাঠক গুৱাহাটী বিশ্ববিদ্যালয় ৰ গৱেষণাৰ গাইড হিচাপে স্বীকৃতি লাভ কৰিছে।