• বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুলৈ ‘শ্বহীদ মোজাম্মিল হক সোঁৱৰণি বঁটা’

    আঞ্চলিক
    বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুলৈ ‘শ্বহীদ মোজাম্মিল হক সোঁৱৰণি বঁটা’

    গুৱাহাটী : বিশিষ্ট সাংবাদিক তথা ‘প্ৰাগ নিউজ’ৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰুলৈ আগবঢ়োৱা হৈছে ২০২০ চনৰ ‘শ্বহীদ মোজাম্মিল হক সোঁৱৰণি বঁটা’।
    সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদে বিশিষ্ট সাংবাদিকগৰাকীলৈ এই স্বীকৃতি আগবঢ়ায়৷ ১৭ মাৰ্চত গুৱাহাটী প্ৰেছ ক্লাবত ৰাজগুৰুক প্ৰদান কৰা হ’ব এই বঁটা৷ সংবাদজগতলৈ আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে তেওঁক এই স্বীকৃতি প্ৰদান কৰা হৈছে৷





    আৰু পঢ়িব পাৰিব : কোকৰাঝাৰত পুনৰ উদ্ধাৰ অস্ত্ৰ : কূটাঘাতৰ লক্ষ্যৰে এনডিএফবিৰ তৎপৰতা





    শনিবাৰে পৰিষদে এই কথা ঘোষণা কৰি লগতে কয় যে, জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানক 'বাঘ হাজৰিকা সম্প্ৰীতি বঁটা' আৰু সমাজ সংগঠক নুৰুল হকক কবি সাহিত্যিক 'এম ইব্ৰাহিম আলী সোঁৱৰণী বঁটা' প্ৰদান কৰা হ’ব৷





    আৰু পঢ়িব পাৰিব : আজি অসমলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিব বিজেপিৰ ৰাষ্ট্ৰীয় দুই প্ৰভাৱশালী নেতা





    এই সন্দৰ্ভত পৰিষদৰ উপ-সভাপতি আজিজুৰ ৰহমানে কয়, প্ৰশান্ত ৰাজগুৰুৱে সংবাদ মাধ্যমৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ সমাজৰ এজন অতন্ত্ৰ প্ৰহৰী হিচাপে কাম কৰি আছে৷ বহু সময়ত সমাজৰ নিষ্পেষিত জনসাধাৰণৰ পক্ষত থাকি সমাজৰ হকে কাম কৰি আছে৷ বৰ্তমান সময়ত তেওঁ এজন সৎ, নিৰ্ভীক সাংবাদিকৰ ভূমিকা পালন কৰি আছে৷সমাজৰ বাবে থকা দায়িত্ববোধৰ স্বীকৃতি হিচাপে তেওঁলৈ ২০২০বৰ্ষৰ মাধ্যম আন্দোলনৰ প্ৰথমগৰাকী 'শ্বহীদ মোজাম্মিল হক সোঁৱৰণি বঁটা' প্ৰদানৰ সিদ্ধান্ত লৈছে পৰিষদে৷