North East
নতুন দিল্লীঃ ৰবি শাস্ত্ৰী। নামেই যাৰ পৰিচয়। পৰম্পৰাগতভাৱে ভাৰতীয় দলৰ প্ৰশিক্ষক হিচাপে কাৰ্যসম্পাদন কৰি গৈছে তেওঁ। তেওঁৰ প্ৰশিক্ষণত ভাৰতীয় দলটোৱে লাভ কৰিছে অভূতপূৰ্ব সফলতা। শাস্ত্ৰীৰ প্ৰশিক্ষণৰ অধীনত, ভাৰতীয় দলটো বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ক্ৰিকেট দল হিচাপে আত্মপ্ৰকাশ কৰিছে। তেওঁৰ প্ৰশিক্ষণত ভাৰতে এতিয়ালৈ আইচিচি ট্ৰফী জিকিব নোৱাৰিলেও বিদেশৰ মাটিত একাধিক স্মৃতিবিজড়িত বিজয় অৰ্জন কৰিবলৈ সক্ষম হৈছে ভাৰতে।
আগন্তুক টি-২০ বিশ্বকাপত আইচিচি ট্ৰফী লাভ কৰাৰ অন্তিম সুযোগ পাব শাস্ত্ৰীয়ে। নৱেম্বৰ মাহত প্ৰশিক্ষণ দলত শাস্ত্ৰীৰ সময়সীমা উকলিব। ২০১৭ চনৰ চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত পাকিস্তানৰ হাতত পৰাভূত হোৱাৰ পাছত অনিল কুম্বলেই ৰাষ্ট্ৰীয় দলৰ প্ৰশিক্ষকৰ পদ ত্যাগ কৰিছিল। তেতিয়াই ভাৰতীয় দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল ৰবি শাস্ত্ৰীক । ইয়াৰ আগেয়ে শাস্ত্ৰীয়ে ৰাষ্ট্ৰীয় দলৰ মেনেজাৰৰ ভূমিকা পালন কৰিছিল। প্ৰশিক্ষকৰূপে শাস্ত্ৰীয়ে যোগদান কৰাৰ পাছত ভাৰতে তিনিওটা ফৰ্মেটতে নিজৰ দক্ষতা প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰিছিল। অষ্ট্ৰেলিয়াৰ মাটিত ২০১৮-ৰ শৃংখলা জয় কৰি ইতিহাস ৰচনা কৰা ভাৰত একমাত্ৰ এছিয়ান দলৰ কৃতিত্ব অৰ্জন কৰিছিল।
শাস্ত্ৰীয়ে শেহতীয়াকৈ টাইমছ নেটৱৰ্কৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰশিক্ষণৰ দ্বায়িত্ব এৰাৰ পাছত জীৱনৰ পৰৱৰ্তী পৰিকল্পনাৰ বিষয়ে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় দলৰ বৰ্তমানৰ মুখ্য প্ৰশিক্ষকগৰাকীয়ে কয়, ‘পৰৱৰ্তী ৪৫ দিনৰ বাবে অপেক্ষা কৰি আছো। মই আন একো চিন্তা কৰা নাই। এতিয়া মোক বৰ্তমান সময়খিনিতে মনোযোগ দিবলৈ দিয়ক। শাস্ত্ৰীজীৰ পৰৱৰ্তী গন্তব্য স্থান কি হ'ব সেয়া পৰৱৰ্তী সময়ত গম পাব সকলোৱে। ’
২০১৯ চনৰ বিশ্বকাপৰ পাছতে শাস্ত্ৰীৰ প্ৰশিক্ষণৰ কাৰ্যকাল উকলিছিল। কিন্তু কপিল দেৱৰ নেতৃত্বত এখন পৰামৰ্শদাতা সমিতিয়ে শাস্ত্ৰীক ৰাষ্ট্ৰীয় দলৰ প্ৰশিক্ষক হিচাপে পুনৰ নিযুক্তি দিয়ে। পুনৰ্স্থাপনৰ সময়ত শাস্ত্ৰীৰ সৈতে ব'ৰ্ডৰ দুবছৰীয়া চুক্তি আছিল। টি-২০ বিশ্বকাপৰ পাছত সময়সীমা উকলিব চুক্তিপত্ৰৰ। শাস্ত্ৰীয়ে গাদী এৰাটো প্ৰায় নিশ্চিৰত। তেওঁৰ স্থান গ্ৰহণ কৰিব কোনো এক অভিজ্ঞ ব্যক্তিয়ে। কিন্তু যোৱাৰ পৰত শাস্ত্ৰীয়ে দি যোৱা তিতা-মিঠা স্মৃতিবোৰ ৰোমন্থন কৰি যাব ক্ৰিকেট অনুৰাগীয়ে।
Leave A Comment