• বিশ্বকাপৰ সূচীত অনিশ্চিত চেতন, নটৰাজন! দল ঘোষণাৰ দিশে ভাৰতীয় বোৰ্ড

    আঞ্চলিক
    বিশ্বকাপৰ সূচীত অনিশ্চিত চেতন, নটৰাজন! দল ঘোষণাৰ দিশে ভাৰতীয় বোৰ্ড

    নতুন দিল্লীঃ ইংলেণ্ডৰ সৈতে শৃংখলাৰ সামৰণি পৰাৰ পাছতে আৰম্ভ হ’ব আই পি এল। ইফালে আইপিএলৰ পাছত বহু প্ৰত্যাশিত টি-২০ বিশ্বকাপ। অতিশীঘ্ৰে বিশ্বকাপৰ বাবে ভাৰতীয় দলটোৰ ঘোষণা কৰা হ’ব বুলি শেহতীয়াকৈ প্ৰকাশ পাইছে। খবৰ অনুসৰি চেতন শৰ্মাৰ নেতৃত্বত বাছনি পৰিষদৰ সদস্যসকলে মুম্বাই বোৰ্ডৰ মুখ্য কাৰ্যালয়ত মিলিত হ'ব। বিৰাট কোহলী আৰু ৰবি শাস্ত্ৰীক লণ্ডনৰ পৰা ভাৰ্চুৱেল কনফাৰেঞ্চত যোগাযোগ কৰা হ'ব বুলি জানিবলৈ দিছে কৰ্তৃপক্ষই। নিৰ্বাচনী সভাত ব'ৰ্ডৰ সভাপতি সৌৰভ গাংগুলী আৰু সম্পাদক জয় শ্বাহেৰাও উপস্থিত থাকিব। সৰহসংখ্যক দেশে বিশ্বকাপত ১৫ জন ক্ৰিকেটাৰৰ দল ঘোষণা কৰিছে।





    ভাৰতে দলটোত ১৮-২০ জন খেলুৱৈৰে দল ঘোষণা কৰাৰ প্ৰবল সম্ভৱনাই দেখা দিছে। কৰ’না মহামাৰীৰ বাবে, ৩০ খনলৈকে অংশগ্ৰহণকাৰী দেশক দলত ৰাখিব পাৰি বুলি আইচিচিয়ে সদৰী কৰিছে। পূৰ্বৱৰ্তী সংস্কৰণত থকা ২৩জনৰ বিপৰীতে ৩০ জনীয়া দলত সহায়ক কৰ্মচাৰীৰ সংখ্যাও হিচাপমতে ৰখা বুলি আইচিচি-এ প্ৰকাশ কৰিছে। তত্‍সত্বেও কোনো দেশে ইচ্ছা কৰিলে ৩০জনতকৈ অধিক স্কোৱাডৰ দলো ঘোষণা কৰিব পাৰে। কিন্তু অতিৰিক্ত সদস্যৰ ব্যয় সংশ্লিষ্ট দেশেখন বহন কৰিব লাগিব বুলি স্পষ্ট কৰি দিছে সংশ্লিষ্ট কৰ্তৃপক্ষই।






    কিন্তু ভাৰতীয় দলটোৰ কি হ'ব? সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰী, ১৩-১৫ জন লোকক ভাৰতীয় দলত ৰখা হ'ব। কেইবাটাও বিভাগত আলোচনাৰ অৱকাশ আছে। উদাহৰণ স্বৰূপে, ৰহস্যময় স্পিনাৰ বৰুণ চক্ৰৱৰ্তী বা ৰাহুল চাহাৰৰ যিকোনো এজনকহে চূড়ান্ত দলত বাছনি কৰা হ'ব। যুজবেন্দ্ৰ চাহাল আৰু ৰবীন্দ্ৰ জাদেজা ভাৰতৰ প্ৰথম প্ৰথম পছন্দ। আনহাতে, ইংলেণ্ড ভ্ৰমণত আঘাতপ্ৰাপ্ত ৱাশ্বিংটন সুন্দৰৰ বিশ্বকাপত অংশগ্ৰহণ কৰাৰ ভাগ্যও দোদুল্যমান অৱস্থাত। জানিবলৈ পোৱা মতে, ৱাশ্বিংটনে আই পি এলতো খেলিব নোৱাৰিব।





    ইফালে, ভাৰতে উইকেটকিপাৰ বেটছমেন হিচাপে কাক নিৰ্বাচিত কৰিব তাৰ বাবেও অধীৰ অপেক্ষাৰে বাট চাইছে ক্ৰীড়াঅনুৰাগীয়ে। ঋষভ পন্ত আৰু কে এল ৰাহুল দুয়ো বেটছমেন-উইকেটকীপাৰ হিচাপে দলত থকাটো নিশ্চিত। তেনে ক্ষেত্ৰত, সঞ্জু চেমছনক বাদ দিয়াটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে। হাৰ্ডিক পাণ্ডিয়া আৰু শাৰ্দুল ঠাকুৰে চিমাৰ-অলৰাউণ্ডাৰ হিচাপে স্থান সুৰক্ষিত কৰিব পাৰে। নিৰ্বাচকসকলে সূৰ্যকুমাৰ যাদৱ আৰু শ্ৰেয়াছ আয়াৰক মিডল অৰ্ডাৰত ৰখাৰ সম্ভাৱনা দৃঢ়। ৰোহিত শৰ্মা আৰু কে এল ৰাহুল অপেনাৰৰ স্লটত আছেই।





    পৃথ্বী শ্ব আৰু শিখৰ ধাৱানে অতিৰিক্ত অপেনাৰ শ্লটত স্থান দখল কৰিব নে নাই সেয়া নিশ্চিত নহয়। দ্ৰুত বলিং বিভাগত যশপ্ৰীত বুমৰাহ, মহম্মদ ছামী আৰু ভুৱনেশ্বৰ কুমাৰ ভাৰতৰ স্বয়ংক্ৰিয় পছন্দ। দীপক চাহাৰ আৰু মহম্মদ ছিৰাজেও দলত প্ৰৱেশৰ যোগ্য। টি নটৰাজন আৰু চেতন চাকাৰিয়া লক্ষ্য কৰিবলগীয়া বাওঁহাতৰ পেচাৰসকলৰ ভিতৰত থাকিব। কিন্তু নটৰাজন স্থান হৈ পৰিছে অনিশ্চিত আনহাতে চেতন চাকাৰিয়াক নেট বলাৰ হিচাপে বিশ্বকাপলৈ লৈ যোৱা হ'ব পাৰে।