• বিশ্বকৰ্মাৰ আৰাধনাৰ মাজতে দুৰ্গাপূজাৰ কাউন্টডাউন

    আঞ্চলিক
    বিশ্বকৰ্মাৰ আৰাধনাৰ মাজতে দুৰ্গাপূজাৰ কাউন্টডাউন

    গুৱাহাটী: আজি পহিলা আহিন। শেৱালী ফুল আৰু নৈপৰীয়া কঁহুৱাই হাতবাউলি দি আগজাননী দিছেহি শুভ্ৰ শৰতৰ। আহিনৰ সেউজীয়া পথাৰ, নিৰ্মল আকাশৰ মাজে মাজে মেঘৰ মদনকেলী, মতলীয়া বতাহ আৰু ইয়াৰ মাজতে শাৰদীয় সুৱাস। প্ৰতিবাৰৰ দৰে এইবাৰো শৰতে আমাৰ সময় চুইছেহি। কৰ'নাসৃষ্ট পৰিৱেশৰ মাজতে আজি ৰাজ্যজুৰি অনুষ্ঠিত হ'ব বিশ্বকৰ্মা পূজা। অৱশ্যে কৰ'নাতংকৰ বাবে বিগত বৰ্ষৰ দৰে এইবাৰো জাকজমকীয়া নহয় দেৱ খনিকৰৰ পূজা। অনুষ্ঠিত নহয় কোনো সাংস্কৃতিক অনুষ্ঠান, বাহ্যিকতাৰ পৰিৱৰ্তে অনুষ্টুপীয়াকৈয়ে পূজা-অৰ্চনাৰ সিদ্ধান্ত ভক্তপ্ৰাণ ৰাইজৰ। আড়ম্বৰহীনভাবে কেবল মাত্ৰ পৰম্পৰা ৰক্ষাৰে ব্ৰহ্মাপুত্ৰ বিশ্বকৰ্মাৰ ভজনা কৰিব ভক্তিমন্ত ৰাইজে। বিগত সময়ছোৱাত দুৰ্গোৎসৱৰ সময়ত পৰিলক্ষিত হোৱা কলিকতীয়া খনিকৰৰ আলোকসজ্জা,সংগীতানুষ্ঠান আদি বিশ্বকৰ্মা পূজাৰ দিনাখনেই প্ৰত্যক্ষ কৰা যায়। কিন্তু কৰ'নাসৃষ্ট পৰিৱেশে এইবাৰে পূজাৰ উছাহ ম্লান কৰিছে। ভক্তপ্ৰাণ ৰাইজৰ বাবে এয়া দু:খবৰ যদিও বাহুল্যৰ বিপৰীতে সম্পূৰ্ণ ৰীতি-নীতিৰ মাজেৰে পৰিপালন হ’ব বিশ্বকৰ্মা পূজা।






    বিশ্বকৰ্মা পূজা হিন্দু সম্প্ৰদায়ৰ লোকসকলৰ বাবে এক গুৰুত্বপূৰ্ণ উৎসৱ। এই পূজাৰ সৈতে জৰিত হৈ আছে অলেখ পৌৰাণিক প্ৰবাদ। ভাদ মাহৰ শেষৰ দিনা তথা কণ্যা সংক্ৰান্তিৰ দিনাই এই পূজাৰ বিধান। প্ৰবাদ মতে ভগৱান বিশ্বকৰ্মা পৃথিৱীৰ স্ৰষ্টা। ৰাৱনৰ স্বৰ্ণলংকাৰ পৰা কৃষ্ণৰ দ্বাৰকালৈ তেওঁৰেই অলৌকিক নিৰ্মাণ। জনশ্ৰুতি অনুসৰি, বাস্তু দেৱ আৰু দেৱী অঙ্গিশ্ৰীৰ পুত্ৰ ভগৱান বিশ্বকৰ্মাই ৰাৱণৰ পুষ্পক বিমান, ভগৱান শিৱৰ ত্ৰিশূল, ইন্দ্ৰৰ বজ্ৰ, পাণ্ডৱসকলৰ বাবে মায়া সভা আৰু ভগৱান বিষ্ণুৰ সুদৰ্শন চক্ৰও নিৰ্মাণ কৰিছিল ভগৱন্তই। পুৰীৰ বিখ্যাত জগন্নাথ মন্দিৰটোও জ্যোতিৰ্ময় বিশ্ৱকৰ্মাৰেই অমৰ সৃষ্টি বুলি বিভিন্ন শাস্ত্ৰত উল্লেখ আছে। কাৰিকৰী দিশত বিশ্বকৰ্মাৰ এই অলৌকিকতাৰ বাবে ঋগ বেদত এইজনা দেৱতাক ঐশ্বৰিক কাঠমিস্ত্ৰী বুলি কোৱা হৈছে। গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি, বিশ্বকৰ্মা পূজা সাধাৰণতে ছেপ্টেম্বৰ মাহৰ মধ্য ভাগত অনুষ্ঠিত হয়। অসম ৰাজ্যৰ লগতে ভাৰতৰ কেইবাখনো ৰাজ্যত বিশ্বকৰ্মা পূজা পালন কৰা হয়।





    উত্তৰ প্ৰদেশ, কৰ্ণাটক, পশ্চিম বংগ, বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা, ত্ৰিপুৰাৰ উপৰি নেপালতো মহাআড়ম্ৱৰেৰে ভক্তিপৰায়ণ সেৱকে বিশ্বকৰ্মা পূজা পালন কৰাৰ নজিৰ আছে। উত্তৰৰ কিছুমান ৰাজ্যত বিশেষকৈ বিহাৰত দীপান্বিতাৰ পাছত অৰ্থাৎ মাঘ মাহত সম্পন্ন কৰা হয়। আনহাতে, দক্ষিণৰ কিছুমান ৰাজ্য যেনে- কেৰালাত ঋষি পঞ্চমীৰ দিনাহে বিশ্বকৰ্মা পূজা পালন কৰা হয়।
    বিশ্বকৰ্মা পূজা মুলতঃ উদ্যোগ-কাৰখানা, দোকান-পোহাৰ ইত্যাদিত পালন কৰা হয়। আজিৰ এই বিশেষ দিনটোত বিভিন্ন কাৰখানা আৰু ঔদ্যোগিক অঞ্চলৰ শ্ৰমিকসকলে সঁজুলি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকে। শ্ৰমিকসকলে এক উন্নত ভৱিষ্যত, সুৰক্ষিত কামৰ পৰিস্থিতি আৰু সৰ্বোপৰি তেওঁলোকৰ নিজ নিজ ক্ষেত্ৰত সফলতাৰ বাবে দেৱ খনিকৰৰ ওচৰত প্ৰাৰ্থনা কৰে। অৱশ্যে, এই উৎসৱটো কেৱল অভিযান্ত্ৰিক আৰু স্থাপত্য সম্প্ৰদায়ৰ মাজতে সীমাবদ্ধ নহয়।






    ঈশ্বৰ বুলিলে সাধাৰণতে যি এক অলৌকিক শক্তিৰ ধাৰণা আমাৰ মনলৈ আহে। বিশ্বকৰ্মা সেই ভাবনাৰে এক মূৰ্ত ৰূপ। তেওঁ দেৱতাৰ ইঞ্জিনিয়াৰ! ভাবিলেই আচৰিত লাগে গণিত তথা পদাৰ্থ বিজ্ঞানৰ যান্ত্ৰিকতা তথা আধুনিক প্ৰযুক্তিবিদ্যাৰ বহুল প্ৰয়োগ পূৰ্ৱেও আছিল। ইফালে মূল্যবৃদ্ধিয়ে ৰাইজক মাধ-মাৰ সোধালেও পূজাৰ আনন্দৰ সমভাগী হ’বলৈ লৈছে সকলো। উদ্যোগীক ক্ষেত্ৰখনৰ খৰাং পৰিৱেশ নিমূৰ্লৰ কৰিবলৈ বিনিয়োগ লক্ষ্মী ৰাজ্যলৈ সোনকালে আহক তাৰেই কামনা ৰাজ্যবাসীৰ। ইফালে, বিশ্বকৰ্মা পূজা আহিলেই দুৱাৰত টুকুৰিয়াই দুৰ্গোৎসৱে। কাৰণ, আজিৰ পৰাইতো আৰম্ভ হয় শাৰদীয় দুৰ্গোৎসৱৰ কাউন্টডাউন।