• বিশ্বনাথত আৰম্ভ হ'ল দুখনকৈ ইলেকট্ৰ’নিক বাছৰ চলাচল...

    আঞ্চলিক
    বিশ্বনাথত আৰম্ভ হ'ল দুখনকৈ ইলেকট্ৰ’নিক বাছৰ চলাচল...

    বিশ্বনাথ : আজিৰেপৰা বিশ্বনাথ জিলাত আৰম্ভ হ'ল দুখনকৈ ইলেকট্ৰ’নিক বাছৰ চলাচল। ১.৭৮ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে ইলেকট্ৰ’নিক বাছ সেৱাৰ দ্বিতীয়টো চাজিং ষ্টেচন আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাসে।





    আৰু পঢ়িব পাৰিব : ঘৰত ৬ লিটাৰতকৈ অধিক সুৰা ৰাখিবৰ বাবে লাগিব লাইচেন্স!





    উল্লেখ্য যে অসম চৰকাৰৰ পৰিবহণৰ নিগমৰ অধীনত আৰম্ভ হোৱা ইলেকট্ৰ’নিক বাছসেৱাৰ প্ৰথমটো ষ্টেচন গুৱাহাটীত আৰু দ্বিতীয়টো বিশ্বনাথ জিলাত স্থাপন হোৱাত উৎফুল্লিত হৈ পৰিছে বিশ্বনাথবাসী। ইলেকট্ৰ’নিক বাছ চাৰিখন একে লগে চাৰ্জিং কৰিব পৰা ষ্টেচনটোৰপৰা বাছ দুখন বৰ্তমান এবাৰ চাৰ্জিং কৰিলে বিশ্বনাথ চাৰিআলিৰপৰা ১২০কিঃমিঃ পথহে অতিক্ৰম কৰিব পাৰিব।





    আৰু পঢ়িব পাৰিব : দুই কন্যাক ডাম্বেলেৰে মৰিয়াই হত্যা কৰি সত্যযুগৰ অপেক্ষা শিক্ষক দম্পতীৰ





    এই উপলক্ষে বিশ্বনাথ চাৰিআলিৰ ছাপ্লাইৰ সমীপত নিৰ্মাণ কৰা চাৰ্জি্ং ষ্টেচনটোত উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত সাংসদ পল্লৱলোচন দাস, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক ভট্ৰৰায়ে অসম চৰকাৰৰ বিভিন্ন আঁচনিৰ সম্পৰ্কে বক্তব্য আগবঢ়ায়।