• বিশ্বনাথত পাকিস্তান জিন্দাবাদ ধ্বনি ! SOP ভংগ কৰি যুৱকৰ উদ্ভণ্ডালি

    আঞ্চলিক
    বিশ্বনাথত পাকিস্তান জিন্দাবাদ ধ্বনি ! SOP ভংগ কৰি যুৱকৰ উদ্ভণ্ডালি

    বিশ্বনাথ: বিশ্বনাথত আইন উলংঘা কৰা এজন যুৱকৰ উদ্ভণ্ডালি। বিশ্বনাথ চাৰিআলিৰ পুলিচ পইণ্টত আৰক্ষীৰ সৈতে বাকযুদ্ধত মিলিত হয় বিশ্বনাথৰে দেৱজিৎ দাস নামৰ যুৱকজন। ক'ভিড বিধি নমনাৰ লগতে ‘পাকিস্তান জিন্দাবাদ’- ধ্বনি দি আটক হ'ব লগা হ'ল যুৱকজন৷





    বিশ্বনাথৰ যান-বাহন আৰক্ষীয়ে ক'ভিড বিধি উলংঘা কৰি চহৰৰ মাজত ঘূৰি ফুৰা লোকসকলক সোধা-পোছা কৰি থাকোতেই মাস্ক পৰিধান নকৰা এই যুৱকজন আহি সেই স্থানত উপস্থিত হয়। আৰক্ষীৰ দলটোৱে যুৱকজনে মুখত মাক্স কিয় পিন্ধা নাই বুলি প্ৰশ্ন কৰাত যুৱকজন আৰক্ষীৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ ‘মই কৰ'না নামানো’- বুলি কয়।





    ইফালে, পুনৰ আৰক্ষীৰ দলটোৱে যুৱকজনৰ মটৰ চাইকেলৰ নথি-পত্ৰ বিচৰাৰ লগতে হেলমেট নিপিন্ধাৰ সন্দৰ্ভত প্ৰশ্ন কৰাত আৰক্ষীৰ লগত তৰ্ক-বিতৰ্কত লিপ্ত হৈ ‘হঠাৎ পাকিস্তান জিন্দাবাদ’, ‘নৰেন্দ্ৰ মোদী মুৰ্দাবাদ’- ধ্বনি দিয়াৰ অভিযোগ উত্থাপন কৰে কৰ্তব্যৰত আৰক্ষীৰ দলটোৱে। যাৰ বাবে আৰক্ষীৰ দলটোৱে যুৱকজনক বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাত লৈ যায়।