• বিশ্বনাথত ভয়ংকৰ পথদুৰ্ঘটনাঃ নৈশ-বাছৰ খুন্দাত নিহত চিকিৎসাকৰ্মী

    আঞ্চলিক
    বিশ্বনাথত ভয়ংকৰ পথদুৰ্ঘটনাঃ নৈশ-বাছৰ খুন্দাত নিহত চিকিৎসাকৰ্মী

    বিশ্বনাথঃ বিশ্বনাথ নগৰত শুকুৰবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথদুৰ্ঘটনা। নৈশ-বাছৰ খুন্দাত থিতাতে নিহত হয় ‘বিশ্বনাথ অসামৰিক চিকিৎসালয়’ৰ এজন চতুৰ্থবৰ্গৰ কৰ্মচাৰী। উল্লেখ্য যে, নিশা প্ৰায় ১১বজাত বিশ্বনাথৰ পাভৈ পথৰ পৰা দেৱজিত টেৰাং নামৰ চিকিৎসালয়ৰ চতুৰ্থবৰ্গৰ কৰ্মীজনে স্কুটী লৈ বিশ্বনাথ অসামৰিক চিকিৎসালয়লৈ আহি থকা অৱস্থাত নগৰখনৰ পুলিচ পইণ্ট অতিক্ৰম কৰাৰ মুহূৰ্ততে লখিমপুৰ অভিমুখৰপৰা আহি থকা তীব্ৰবেগী As 01 EC-3103 নম্বৰৰ নৈশ-বাছখনে মহটিয়াই নিয়ে স্কুটী আৰোহী দেৱজিত তেৰাংক।





    আৰু পঢ়িব পাৰিব :   হিমন্ত যদি ধ্ৰুৱতৰা ; সৰ্বাও ভোটাতৰা: অসমৰ ৰাজনীতিত দুয়োৰে গুৰুত্ব অপৰিসীম





    বাছৰ চালকে স্কুটী আৰোহীজনক বচাবলৈ চেষ্টা কৰি পুলিচ পইণ্টৰ চিগনেল লাইটৰ খুঁটাত খুন্দা মৰাৰ লগতে এটা বৈদুতিক খুঁটাতো খুন্দা মাৰি ভাঙি পেলায়। লগ লগে বিশ্বনাথৰ জনপ্ৰিয় কণ্ঠশিল্পী মানস ভাগৱতী, বিপ্লব পাল, পংকজ হাজৰিকা আৰু দিগন্ত হাজৰিকাই দুৰ্ঘটনাস্থলীত উপস্হিত হৈ দুৰ্ঘটনাগ্ৰস্থ স্কুটী আৰোহীগৰাকীক গাড়ীৰ তলৰ পৰা উদ্ধাৰ কৰি ১০৮ সেৱা মাতি দুৰ্ঘটনাগ্ৰস্ত লোকজনক বিশ্বনাথ অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰাৰ লগতে আৰক্ষীকো খবৰ দিয়ে।





    আৰু পঢ়িব পাৰিব :   ছাত্ৰ সন্থাৰ প্ৰশংসনীয় পদক্ষেপঃ দৰঙৰ ৭টাকৈ ‘শ্বহীদ ভৱন’ ক’ভিড সেৱাৰ বাবে অৰ্পণ





    পাছত আৰক্ষীয়ে উক্ত স্থানত উপস্হিত হৈ দুৰ্ঘটনা সংঘটিত হোৱা গাড়ীখন ৰাষ্ট্ৰীয় ঘাইপথৰপৰা আতৰ কৰিবলৈ সক্ষম হয়। আনহাতে দুৰ্ঘটনাগ্ৰস্ত লোকজনো চিকিৎসালয় পোৱাৰ পূৰ্বেই মৃত্যুক সাৱটি লয়।