National
Following his disqualification from the Lok Sabha, Congress leader Rahul Gandhi has been served with a notice to leave the government-allotted bungalow...
Digital Desk: Following his disqualification from the Lok Sabha, Congress leader
নতুন দিল্লীঃ আন্তৰ্জাতিক ক্ৰিকেটত এগৰাকী ক্ৰিকেটাৰে অৰ্জন কৰিছে অনন্য কৃতিত্ব। মাত্ৰ ৩ৰানৰ বিনিময়ত ৭টা উইকেট দখলেৰে ইতিহাসত খোদিত কৰিলে নিজৰ নাম। আচৰ্যকৰ হ’লেও আন্তৰ্জাতিক ক্ৰিকেটত শেহতীয়াকৈ তেনে এক ঘটনাই পোহৰলৈ আহিছে। চলিত আইচিচি মহিলা টি-২০ বিশ্বকাপৰ প্ৰথম দিনাই চমকপ্ৰদ প্ৰদৰ্শন দেখুৱাইছে নেদাৰলেণ্ডৰ সোঁ-হতীয়া পেচাৰ ফ্ৰেডৰিক অ’ভাৰডাইকে। পেচাৰগৰাকীৰ বলিং ফিগাৰ হৈছে ৪-২-৩-৭। অৰ্থাৎ ৪ অভাৰ বল কৰি ২টা মেইডেনেৰে ৩ৰানৰ বিনিময়ত ৭টা উইকেট দখল কৰিছে ফ্ৰেডৰিকে অ’ভাৰডাইকে। উল্লেখ্য যে, অ’ভাৰডাইকৰ পূৰ্বে টি-২০ ইতিহাসত মহিলা ক্ৰিকেটাৰ দূৰৰ কথা পুৰুষৰ আন্তৰ্জাতিক টি-২০ বিশ্বকাপতো এনে অভিলেখ গঢি়ব পৰা নাই।
সেই অৰ্থত, ৭টা উইকেট লোৱা বিশ্বৰ প্ৰথমজন বলাৰ হিচাপে পৰিগণিত হয় অ’ভাৰডাইক। নেপালৰ মহিলা অফস্পিনাৰ অঞ্জলি চান্দে ইমান দিন ধৰি আন্তৰ্জাতিক টি-২০ত শ্ৰেষ্ঠ বলাৰৰ মুকুট পৰিধান কৰি আছিল। তেওঁ মালদ্বীপৰ বিৰুদ্ধে কোনো ৰান ব্যয় নকৰাকৈ দখল কৰিছিল ৬ টা উইকেট। কিন্তু অভাৰডাইকে ফ্ৰান্সৰ বিৰুদ্ধে অঞ্জলি চান্দৰ পূৰ্বৰ অভিলেখ ভংগ কৰে। অভাৰডাইকৰ বিধ্বংসী বলিঙত বিপৰ্যস্ত ফ্ৰান্সে মাত্ৰ ৩৩ ৰানতে আটাইকেইটা উইকেট হেৰুৱায়। আনহাতে, নেডাৰলেণ্ডে মাত্ৰ ৩.৩ অভাৰত ৩৪ৰানৰ সহজ লক্ষ্যত উপনীত হয়।
Leave A Comment