• বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ সুখবৰ : পবিতৰাৰ পৰা অনা হ'ব দুটাকৈ গঁড়

    আঞ্চলিক
    বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ সুখবৰ : পবিতৰাৰ পৰা অনা হ'ব দুটাকৈ গঁড়

    মানাহ : বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ সুখবৰ৷ পবিতৰা অভয়াৰণ্যৰ পৰা পুনৰ মানাহলৈ অনা হ'ব দুটাকৈ গঁড় ৷ ১৩ এপ্ৰিলত ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জৰ অধীনত মুকলি কৰি দিয়া হ'ব গঁড় দুটা৷ যাৰ ফলত ১৩ এপ্ৰিলৰ দিনটোত পৰ্যটকৰ বাবে বন্ধ থাকিব ৰাষ্ট্ৰীয় উদ্যানখন৷





    আৰু পঢ়িব পাৰিব :অৱশেষত আৰক্ষীৰ জালত পৰিল বাকসা বৰবৰীত হোৱা হত্যাকাণ্ডৰ মূল অভিযুক্ত





    যাৰ পৰিপ্ৰেক্ষিতত পৰ্যটকৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ১৩ এপ্ৰিলৰ পুৱাৰ পৰা দিনৰ ১২ বজালৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰৱেশদ্বাৰ পৰ্যটকৰ বাবে বন্ধ থাকিব বুলি জানিবলৈ দিয়ে মানাহৰ বন বিষয়া বাবুল ব্ৰহ্মই৷





    আৰু পঢ়িব পাৰিব :দেশত ভয়াৱহ ৰূপত কৰ’না: ১৫ দিনৰ বাবে হ’ব পাৰে লকডাউন





    উল্লেখ্য যে, শনিবাৰেও মানাহৰ কাহিতামা বনাঞ্চলত কাজিৰঙাৰ পৰা অনা তিনিটা গঁড়ৰ পোৱালী মুকলি কৰি দিয়া হৈছিল৷