Sports
ট’কিঅ’ : ট’কিঅ’ অলিম্পিকত জাপানী কিশোৰীৰ চমক। বিশ্ব ক্ৰীড়াৰ সুবিশাল মঞ্চত স্বমহিমাৰে জিলিকিল ১৩ বছৰীয়া মমিজি নিশ্বিয়া। জীৱনত কিবা এটা কৰাৰ দুৰ্বাৰ হাবিয়াস আছে হাঁহিমুখীয়া মমিজিৰ। আজি ১৩ বছৰ বয়সতে সপোন পূৰণ কৰিলে মমিজিয়ে। অলিম্পিকৰ ইতিহাসত সৰ্বকনিষ্ঠ ক্ৰীড়াবিদ হিচাপে মমিজিয়ে অৰ্জন কৰিলে স্বৰ্ণ৷
অলিম্পিকত নতুনকৈ অন্তৰ্ভুক্ত হোৱা skateboarding ইভেণ্টত স্বৰ্ণ পদক জয় কৰাৰ লগে লগে এই অনন্য কৃতিত্বৰ অধিকাৰী হয় মমিজি। ইয়াৰ উপৰি ‘জাপানী পুতলা’ক লৈ এতিয়া খদমদম টকিঅ’। ব্ৰাজিলৰ ১৩ বছৰীয়া ৰাইছা লীল, ছিৰিয়াৰ ১২ বছৰীয়া হেন্দ জাজায়ো ট’কিঅ’ অলিম্পিকক কৰি তুলিছে অনিন্দ্য সুন্দৰ। আজি অনুষ্ঠিত skateboarding ত ৰাইছা লীলে লাভ কৰিছে ৰূপৰ পদক।
ছিৰিয়াৰ টেবুল টেনিছ খেলুৱৈ হেন্দ জাজাৰ ইতিমধ্যে অলিম্পিক অভিযানৰ সামৰণি পৰিছে। কিন্তু ট’কিঅ’ত মৰম বুটলিছে যুদ্ধবিধ্বস্ত ছিৰিয়াৰ এইগৰাকী কন্যাই। ট’কিঅ’ অলিম্পিকলৈ প্ৰাণ চাঞ্চল্যও কঢ়িয়াই আনিছে জাজাই।
Leave A Comment