ৰাষ্ট্ৰীয়
ধুবুৰী : ধুবুৰীৰ চাপৰত পাৰিবাৰিক কন্দলৰ অতি ভয়ংকৰ ৰূপ। দীৰ্ঘ দিনীয়া পাৰিবাৰিক কন্দলে অৱশেষত প্ৰাণ কাঢ়ি ল'লে বৃদ্ধা পিতৃৰ। চাপৰৰ ছছলাপাৰা দ্বিতীয় খণ্ড গাঁৱত মানুহ বিহুৰ দিনাই এই অমানৱীয় ঘটনা সংঘটিত হয়। নিজ পুত্ৰৰ ঘোচাত প্ৰাণ গ'ল বৃদ্ধ পিতৃৰ।
আৰু পঢ়িব পাৰিব : দিল্লীত কৰ’নাৰ ভয়ংকৰ সংক্ৰমণ: সপ্তাহান্তিক সান্ধ্য আইন ঘোষণা
ৰঙালী বিহুৰ উছাহ উদ্দীপনাৰ মাজতেই চাপৰৰ ৰঙামাটিৰ ছাছলাপাৰা দ্বিতীয় খণ্ড গাঁৱত সংঘটিত হ'ল এই ভয়ংকৰ ঘটনা। নিহত পিতৃ গৰাকীৰ নাম কুদৰোদ উল্লাহ সেখ বুলি জানিব পৰা গৈছে। হত্যাকাৰী পুত্ৰ গৰাকীৰ নাম হানিবুল সেখ বুলি জানিব পৰা গৈছে। ঘটনাক কেন্দ্ৰ কৰি চাপৰৰ ৰঙামাটিৰ ছাছলাপাৰা দ্বিতীয় খণ্ড গাঁৱত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
আৰু পঢ়িব পাৰিব : ভাৰতত কৰ’নাৰ নতুন অভিলেখ: প্ৰথমবাৰৰ বাবে দেশত এদিনতে আক্ৰান্ত হয় ২ লাখ লোক
পাছত ঘটনাস্থলীত চাপৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু হত্যাকাৰী হানিবুল সেখৰ লগতে হানিফ সেখ, আৰু হামিদা বিবিক আটক কৰি চাপৰ থানালৈ লৈ যায়।
Leave A Comment