• বিহু দলক আক্ৰমণ টোলগেটৰ সুৰাসক্ত কৰ্মচাৰীৰ

    আঞ্চলিক
    বিহু দলক আক্ৰমণ টোলগেটৰ সুৰাসক্ত কৰ্মচাৰীৰ

    হোজাইঃ পুনৰ বিতৰ্কৰ আৱৰ্তত সোমাইছে হোজাইস্থিত টোলগেট । দেওবাৰে নিশা হোজাইৰ ডবকা টোলগেটত মাৰপিটৰ ঘটনা সংঘটিত হয়। নগাঁৱৰ জামগুৰি মৌকুঁহি বিহুৱা দলক আক্ৰমণ কৰে টোলগেটৰ কৰ্মচাৰীসকলে।





    আৰু পঢ়িব পাৰিব : গভীৰ সংকটৰ সময়ত ভাৰতৰ কাষত ঠিয় হ’ল ‘বন্ধু’





    বিহুৱতী অংকুৰিমা বৰদলৈ লগতে কেইবাজনো বিহুৱাক আক্ৰমণ কৰে তেওঁলোকে। নিশা হোজাই জিলাৰ কাকিত বিহুৰ অনুষ্ঠান সামৰি ডবকা টোলগেট পোৱাৰ লগে লগেই উক্ত ঘটনাটি সংঘটিত হয়।





    আৰু পঢ়িব পাৰিব : কেৱল কৰ’নাই নহয়, শংকা মাতিছে আন এক মাৰাত্মক ভাইৰাছে





    টোলগেটত নিৰ্ধাৰিত মূলতকৈ অধিক ধন দাবী কৰিছিল টোলগেটৰ কৰ্মচাৰীয়ে। ইয়াৰ বিৰোধিতা কৰাৰ বাবেই বিহুৱা দলটোক গুৰুলা গুৰুলকৈ মাৰপিট কৰে টোলগেটৰ একাংশ সুৰাসক্ত কৰ্মচাৰীয়ে।