• বিয়াৰ প্ৰলোভনেৰে প্ৰেমিকাক অন্তঃসত্বা কৰি পলাল ফেৰীৱালা প্ৰেমিক

    আঞ্চলিক
    বিয়াৰ প্ৰলোভনেৰে প্ৰেমিকাক অন্তঃসত্বা কৰি পলাল ফেৰীৱালা প্ৰেমিক

    ডিব্ৰুগড় : নিতৌ ৰাজ্যত সংঘটিত হৈছে নাৰী নিৰ্যাতনৰ ঘটনা৷ ঠগ-প্ৰৱঞ্চকৰ জালত পৰি দিশহাৰা হৈ পৰিছে বহু নাৰী। এইবাৰ বিয়াৰ প্ৰলোভনেৰে শাৰীৰিক সম্পৰ্ক স্থাপন কৰি যুৱতীক প্ৰতাৰণা কৰাৰ এটা দুৰ্ভাগ্যজনক ঘটনা পোহৰলৈ আহিছে৷ এই ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ৰ বকুল মাজগাঁৱত। এগৰাকী যুৱতীৰে প্ৰৱঞ্চনাৰে যৌন সম্পৰ্ক স্থাপন কৰি পাঁচ মাহৰ অন্তঃসত্বা কৰিলে এজন লোকে।






    দিল্লীৰ বিকি বাক্কাৰ খান নামৰ এই লম্পটটোৱে বকুলত ভাৰাতীয়া হিচাপে থাকি ফেৰীৱালাৰ কাম কৰিছিল। দৰিদ্ৰ পৰিয়ালৰ যুৱতীগৰাকীক বিবাহৰ প্ৰলোভন দি অসৎ কাৰ্য চৰিতাৰ্থ কৰে বিকিয়ে। যুৱতীগৰাকী অন্তঃসত্বা হোৱাৰ কথা জানিব পাৰি কু-প্ৰবৃত্তিৰ লোকজনে পলায়ন কৰে মানকাচৰলৈ। বিকিয়ে বিবাহৰ প্ৰতিশ্ৰুতি দিয়াত যুৱতীগৰাকীয়ে মুখলজ্জাৰ ভয়ত সকলো কথা পৰিয়ালৰ পৰা অজ্ঞাতে ৰাখিছিল।





    লোকজনে পলায়ন কৰাৰ পাছত পৰিয়ালৰ লোকক যুৱতীগৰাকীয়ে জনোৱাৰ পাছতে আজি লাহোৱাল থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী যুৱতীগৰাকীয়ে। ইতিমধ্যে ৩০০/২১ নম্বৰত আৰু ভাৰতীয় দণ্ডবিধি আইনৰ ৪২০/৪৯৩ ধাৰাত এক গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।