• বীৰেণ গগৈৰ নতুন গ্ৰন্থ ‘দ্ৰোৰপাং দিহিৰ, পাকনীয়াৰ মাজে মাজে’ উন্মোচন

    আঞ্চলিক
    বীৰেণ গগৈৰ নতুন গ্ৰন্থ ‘দ্ৰোৰপাং দিহিৰ, পাকনীয়াৰ মাজে মাজে’ উন্মোচন

    ডিজিটেল ডেস্কঃ শনিবাৰে ডিব্ৰুগড় গ্ৰন্থমেলাৰ বাকৰিত উন্মোচন কৰা হয় কবি বীৰেণ গগৈৰ স্মৃতি কথা ‘দ্ৰোৰপাং দিহিৰ, পাকনীয়াৰ মাজে মাজে’ শীৰ্ষক গ্ৰন্থখন। ৰামধেনু প্ৰিণ্টিঙৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ দেৱেন দত্ত আৰু প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান তথা ঔপন্যাসিক দিলীপ বৰাই।









    অসম গ্ৰামীণ বিকাশ বেংকৰ অৱসৰপ্ৰাপ্ত প্ৰৱন্ধক কথাকবি বীৰেণ গগৈৰ এইখন হৈছে সপ্তমখন গ্ৰন্থ। ইয়াৰ পূৰ্বে প্ৰকাশিত তেওঁৰ কবিতা সংকলনসমূহ হৈছে ‘মাটি আৰু মানুহৰ প্ৰেমত’, ‘মানুহৰ মহাকাব্য’, ‘কেতেকী মলেমলায়’, ‘বিল বিৰিণাৰ বেটুপাত’, ‘অৰণ্যবোৰ উচুপি উঠিছে’ আৰু ‘সৰিয়হ হালধীয়া সাগৰ’।





    উল্লেখ্য যে, স্মৃতিকথা হিচাপে বীৰেণ গগৈৰ এইখনেই প্ৰথম গ্ৰন্থ। গ্ৰন্থখনত লেখকে শৈশৱ, কৈশোৰ আৰু জীৱনকালত এৰি অহা সোণোৱালী সময়ৰ স্মৃতি ৰোমন্থন কৰিছে। পঢ়ুলৈ সমাজে পূৰ্বৰ দৰে এইখন গ্ৰন্থও আঁকোৱালি ল’ব বুলি আশাবাদী কবি বীৰেণ গগৈ।