North East
হেডিংলিঃ মাৰ যোৱা নাই লৰ্ডছ টেষ্টৰ বহুবল্কি বিতৰ্ক! ভাৰতীয় পেচাৰ জছপ্ৰীত বুমৰাহৰ নামো সাঙুৰ খাই পৰিছে বিতৰ্কত। শেহতীয়াকৈ, ইংলেণ্ডৰ অন্যতম শ্ৰেষ্ঠ পেচাৰ জেমছ এণ্ডাৰছনে ভাৰতীয় পেচাৰ যশপ্ৰীত বুমৰাহৰ বিৰূদ্ধে বিস্ফোৰক মন্তব্য কৰিছে। উল্লেখ্য যে, এণ্ডাৰছনে লৰ্ডছ টেষ্টত বেটিং কৰা ইংলেণ্ডৰ অন্তিমজন বেটছমেন আছিল। বেটিং কৰি এণ্ডাৰছনে ভাৰতীয় পেচাৰৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল। বুমৰাহে এটা অভাৰত ৪টা ন’ বল কৰিছিল। ইংলেণ্ডৰ প্ৰথম ইনিংছত বুমৰাহে সৰ্বাধিক ১৩টা ন’ বল কৰিছিল।
৭৯ ৰাণ খৰচ কৰাৰ পাছতো উইকেট ল’ব নোৱাৰিলে বুমৰাহে। এণ্ডাৰছনৰ শৰীৰত আক্ৰমণৰ উদ্দেশ্যে বলিং কৰা বুলি বুমৰাহৰ বিৰুদ্ধে অভিযোগ এণ্ডাৰছনৰ। এণ্ডাৰছনে সদৰী কৰা অনুসৰি, ‘মই বেটিং কৰিবলৈ ওলাই অহাৰ আগতে পিটছখনৰ গতি মন্থৰ হৈ পৰিছিল। সেইবাবে উইকেটত উপৰ্যুপৰি বাউঞ্চাৰ আহি আছিল। যেতিয়া মই বেটিং কৰিবলৈ আহিছিলো তেতিয়া ৰুটে মোক কৈছিল যে, বুমৰাহে সাধাৰণতে যিমান দ্ৰুত বলিং কৰে সিমান দ্ৰুতগতিত বলিং কৰা নাই।’
আনহাতে, বুমৰাহৰ প্ৰথম বলটোৱে শৰীৰত আঘাতৰ লক্ষ্য কৰি লৈছিল বুলিও অভিযোগ এণ্ডাৰছনৰ। আক্ষেপ প্ৰকাশ কৰি এণ্ডাৰছনে লগতে কয়, ‘মই অনুভৱ কৰিছিলো যে মোৰ সমগ্ৰ কেৰিয়াৰত এনে ঘটনা কেতিয়াও সংঘটিত হোৱা নাছিল। মই অনুভৱ কৰিছিলোঁ যে সেই সময়ত বুমৰাহে মোক আউট কৰিবলৈ একেবাৰে আগ্ৰহী নাছিল। লৰ্ডছ টেষ্টত বুমৰাহৰ বাউন্চাৰৰ সন্মুখীন হোৱাৰ সময়ত ইংলেণ্ডৰ তাৰকা পেচাৰজন খঙত জ্বলি-পকিৰ উঠিছিল আৰু শান্ত সমাহিত তাৰকাজনক খেলপথাৰত বুমৰাহৰ সৈতে বিতৰ্কত লিপ্ত হোৱা দেখা গৈছিল।
Leave A Comment