• বৃক্ক বিক্ৰী কেন্দ্ৰ ধৰমতুলত বৃক্কহীনৰ উচুপনি

    আঞ্চলিক
    বৃক্ক বিক্ৰী কেন্দ্ৰ ধৰমতুলত বৃক্কহীনৰ উচুপনি

    মৰিগাঁও: ৰাজ্যত কিডনি ব্যৱসায়ক লৈ যথেষ্ট উত্তেজনাৰ সৃষ্টি হৈ থকাৰ সময়তে মৰিগাঁৱৰ বৃক্ক বিক্ৰী কেন্দ্ৰ ধৰমতুলত বৃক্কহীন লোকৰ উচুপনিয়ে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ঋণৰ বোজা সহিব নোৱাৰি অঞ্চলটোৰ বহুতেই বৃক্ক বিক্ৰী কৰিছিল৷





    ইয়াৰ উপৰি একাংশই চিকিৎসাৰ বাবে বিক্ৰী কৰিছিল বৃক্ক৷ ধৰমতুলত সকলোৰে আৰ্থিক সমস্যাৰ শেষ ভৰসা হিচাপে বৃক্ক বিক্ৰী কৰাটোৱে বাছি লৈছিল৷





    উল্লেখ্য যে ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিও প্ৰভাৱিত কৰা নাই জাগীৰোড সমষ্টিৰ ধৰমতুলবাসীক৷ যাৰ বাবে এতিয়া বৃক্ক বিক্ৰীৰ দৰে পন্থা হাতত লৈ একাংশ মানৱ অংগ ব্যৱসায়ীৰ কৱলত পৰি দিশহাৰা হৈছে অঞ্চলবাসীয়ে৷