Regional
Digital Desk: A historic and culturally significant festival gears up to take place from the 16th-18th of January 2025 in Assam’s Morigaon district portraying visitors and participants from across the region. Known fo
নতুন দিল্লী : কৰ’নাৰ দ্বিতীয় ঢৌ প্ৰায় নিয়ন্ত্ৰিত হোৱাৰ পাছত এতিয়া তৃতীয় ঢৌৰে মোকাবিলা কৰাৰ বাবে সাজু হৈছে দেশ। তৃতীয় ঢৌত শিশু-কিশোৰসকলৰ প্ৰতিয়েই এই মহামাৰীয়ে সৰ্বাধিক ভাবুকি কঢ়িয়াই আনিব পাৰে বুলি আশংকা থকাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকক সুৰক্ষিত কৰি তোলাৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে। দেশৰ টিকাকৰণ অভিযানক নতুন মাত্ৰা দিয়াৰ লক্ষ্যৰে এইবাৰ টিকাকৰণৰ জৰিয়তে সামৰি ল’ব বিচৰা হৈছে শিশু-কিশোৰকো।
দেশত অহা ছেপ্টেম্বৰ মাহৰ পৰা শিশু-কিশোৰক কৰ’নাৰ টিকা প্ৰদানৰ কাম আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। এইকথা প্ৰকাশ কৰিছে এইমছৰ মুৰব্বী ডাঃ ৰণদ্বীপ গুলেৰিয়াই। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাৰ সময়ত এই তথ্য সদৰি কৰি তেওঁ কয় যে, এই পদক্ষেপে সংক্ৰমণৰ শৃংখল ভঙাৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। তেওঁ কয়, ‘মই ভাবোঁ জাইডাছে ইতিমধ্যে ইয়াৰ পৰীক্ষা সম্পন্ন কৰিছে আৰু এতিয়া জৰুৰী ব্যৱহাৰৰ অনুমোদনৰ অপেক্ষা কৰি থকা হৈছে।
ভাৰত বায়’টেকৰ কোভাক্সিনৰ পৰীক্ষা আগষ্ট, ছেপ্টেম্বৰৰ ভিতৰতে সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে আৰু এই সময়ৰ ভিতৰতে আমি অনুমোদন লাভ কৰা উচিত। ফাইজাৰ প্ৰতিষেধক ইতিমধ্যে আমেৰিকাৰ ফুড এণ্ড ড্ৰাগ ৰেগুলেটৰে অনুমোদন দিছে। আশা কৰিছোঁ অহা ছেপ্টেম্বৰৰ ভিতৰত আমি শিশুৰো টিকাকৰণ আৰম্ভ কৰিব পাৰিম। আৰু এয়া আমি আশংকা কৰি থকা সংক্ৰমণৰ শৃংখল ভঙাৰ দিশত এটা অতি গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ব।’ তেওঁ লগতে প্ৰকাশ কৰে যে, দেশত এতিয়ালৈ ৪২ কোটি পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে আৰু এই বছৰৰ শেষলৈ সকলো প্ৰাপ্তবয়স্ককে টিকাকৰণেৰে সামৰি লোৱাৰ লক্ষ্য দেশে নিৰ্ধাৰণ কৰিছে।
Leave A Comment