Regional
জাগীৰোডঃ সমগ্ৰ ৰাজ্যৰ লগতে জাগীৰোডতো অব্যাহত আছে নিষিদ্ধ ড্ৰাগছবিৰোধী অভিযান৷ এক গোপন সুত্ৰৰ পম খেদি জাগীৰোড আৰক্ষীয়ে চলায় এক অভিযান৷ আৰক্ষীৰ অভিযানত শিলভঙা পাহাৰৰ দুৰ্গম অঞ্চলৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ ড্ৰাগছ৷ ড্ৰাগছ ব্যৱসায়ী বাহাৰুল ইছলাম আৰু ইকবাল হুছেইনক আটক কৰে যদিও আৰক্ষীৰ উমান পাই পলায়ণ কৰে আন এটা কুখ্যাত ড্ৰাগছ ব্যৱসায়ী৷
উল্লেখ্য যে, একাংশ সন্দেহযুক্ত নাগৰিকে জাগীৰোডৰ শিলভঙা পাহাৰত অবৈধ বেদখলেৰে দীৰ্ঘদিনৰে পৰা চলাই আহিছে ড্ৰাগছ ব্যৱসায়ৰ লগতে বিভিন্ন অসামাজিক কাৰ্য-কলাপ৷
একপ্ৰকাৰ ড্ৰাগছৰ ঘাটিলৈ পৰিণত হোৱা শিলভঙা অঞ্চলৰ পৰা পূৰ্বেও বহুবাৰ অভিযান চলাই কেইবাটাও ড্ৰাগছ ব্যৱসায়ীক আটক কৰিছে জাগীৰোড আৰক্ষীয়ে ৷ কিন্তু আৰক্ষীৰ চকুত ধুলি দি এটা বৃহৎ চক্ৰই এতিয়াও চলাই আহিছে নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা৷
Leave A Comment